কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি লোকসভাত বিৰোধীৰ বিৰোধিতাৰ মাজতেই উত্থাপন কৰে ১৩০ সংখ্যক সংবিধান সংশোধনী বিধেয়ক। এই সংশোধনী বিধেয়ক আইনত পৰিণত হোৱাৰ লগে লগে কোনো প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীকে ধৰি অন্যান্য মন্ত্ৰী যিয়েই যি কাৰণতে নহওঁক ৩০ দিনতকৈ অধিক কাৰাগাৰত থাকিবলগীয়া হলে তেওঁক মন্ত্ৰীত্বৰ পৰা অপসাৰণ কৰা হ’ব।
বিৰোধীয়ে এই বিধেয়কখনৰ বিৰোধিতা কৰি ইয়াৰ জৰিয়তে বিৰোধীৰ কণ্ঠৰোধ কৰিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে। কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, চি পি আই (এম)কে ধৰি সকলো বিৰোধী দলে একত্ৰিতভাৱে এই বিধেয়কৰ বিৰোধিতা কৰি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।
উল্লেখ্য যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে লোকসভাৰ কাৰ্যালয়লৈ পত্ৰ লিখি চলিত অধিবেশনত উক্ত তিনিখন বিধেয়ক গৃহীত কৰা হ’ব বুলি জনাইছে। এই বিধেয়ককেইখন হৈছে সংবিধান (১৩০ সংখ্যক সংশোধনী) বিধেয়ক, ২০২৫, জম্মু আৰু কাশ্মীৰ পুনৰ্গঠন (সংশোধনী) বিধেয়ক, ২০২৫ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰ (সংশোধনী) বিধেয়ক, ২০২৫।
মঙলবাৰে লোকসভাৰ সদস্যসকলৰ মাজত বিতৰণ কৰা গৃহমন্ত্ৰী শ্বাহে প্ৰেৰণ কৰা বিধেয়কখনৰ বিবৃতিত কোৱা হৈছে যে, নিৰ্বাচিত প্ৰতিনিধিসকলে ভাৰতৰ জনসাধাৰণৰ আশা আৰু আকাংক্ষাক প্ৰতিনিধিত্ব কৰে। আশা কৰা হয় যে, তেওঁলোকে ৰাজনৈতিক স্বাৰ্থৰ উৰ্ধত থাকি কেৱল জনস্বাৰ্থৰ বাবে আৰু জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰে। এই পদত অধিষ্ঠিত মন্ত্ৰীসকলৰ চৰিত্ৰ আৰু আচৰণ কোনো সন্দেহৰ বাহিৰত হ’ব নেলাগে।
Discussion about this post