“উল্কা” হৈছে মহাকাশৰ পৰা অহা এক সৰু আকাৰৰ কঠিন বস্তু, যাক গ্ৰহাণু বা ধূমকেতুৰ অংশ হিচাপে গণ্য কৰা হয়। যেতিয়া এই বস্তুবিধ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে, তেতিয়া ই বায়ুমণ্ডলৰ কণাৰ সৈতে ঘঁহনি খাই অতি গৰম হৈ উঠে আৰু জ্বলি উঠে। এই জ্বলন্ত বস্তুৱেই হৈছে উল্কাপাত। ইয়াক ইংৰাজীত “meteor” বা “shooting star” বুলি কোৱা হয়। আৰু অসমীয়াত ইয়াক “উল্কাপাত” বা “পপীয়া তৰা” কাৰণ ইয়াক আকাশত পোহৰৰ এক উজ্জ্বল ৰেখাৰ দৰে দেখা যায়।
এই বিৰল দৃশ্যই আজি আৰু কাইলৈ সমগ্ৰ বিশ্বত নিশাৰ আকাশত দেখা যাব। ভাৰততো এই দৃশ্য প্ৰত্যক্ষ কৰাটো সম্ভৱপৰ হ’ব। ২৪ ঘণ্টাৰ বাবে আজি আৰু কাইলৈ নিশাৰ আকাশত কমেও ২৫ টা উল্কাপাত দৃশ্যমান হ’ব। লাইভ ছায়েন্স নামৰ জাৰ্নালখনত এই কথা উল্লেখ কৰা হৈছে। প্ৰতিবছৰে ১৮ জুলাইৰ পৰা ১২ আগষ্টলৈ উল্কাবৃষ্টি হয়। জুলাইৰ শেষৰফালে এনে উল্কাপাতৰ পৰিমাণ বৃদ্ধি হয়। এনে পৰিঘটনাক কোৱা হয় ছাৰ্দান ডেল্টা একুৱাৰিডছ। জুলাইৰ শেষৰফালে প্ৰতি বছৰে ঘণ্টাত ২০ টা পৰ্যন্ত উল্কাপাত হয়। ২৯-৩০ জুলাইৰ নিশা ঘণ্টাত ৫-১০ টা উল্কাপাত হ’ব। তেনেদৰে সেই সংখ্যা হ’বগৈ ২৫ টা। উত্তৰ আৰু দক্ষিণ দুয়ো গোলাৰ্ধত এই দৃশ্য দেখা পোৱা যাব।
Discussion about this post