নিসংগতা আৰু মানসিকভাবে ভাগি পৰা লোক এতিয়া একোখন চহৰৰ বেমাৰ হিচাপে পৰিগণিত হৈছে। এনে সময়তে কেতিয়াও নোশোৱা মুম্বাই মহানগৰীৰ এটা ফ্লেটত ৩ বছৰে নিঃসংগ জীৱন-যাপন কৰা ৫৫ বছৰীয়া অনুপ কুমাৰ নায়াৰ নামৰ এজন ব্যক্তিৰ কাহিনী পোহৰলৈ আহিছে। যোৱা ৩ বছৰে তেওঁ মুম্বাইৰ জুইনগৰ অঞ্চলৰ এটা ফ্লেটত নিজকে আবদ্ধ কৰি ৰাখিছিল। কেৱল অনলাইন যোগে খাদ্য অৰ্ডাৰ কৰি বহিঃজগতৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিছিল। বিভিন্নজনৰ খবৰৰ ভিত্তিত ছিল নামৰ সংস্থাই এই ব্যক্তিজনক উদ্ধাৰ কৰে। এসময়ৰ কম্পিউটাৰ প্ৰগ্ৰেমাৰ আছিল অনুপ কুমাৰ নায়াৰ। ৬ বছৰৰ পূৰ্বে অগা-পিচাকৈ অনুপৰ পিতৃ-মাতৃৰ মৃত্যু হৈছিল। অনুপৰ জ্যেষ্ঠ ভাতৃয়ে ২০ বছৰৰ আগতে আত্মহত্যা কৰিছিল। তাৰ পিচতে তেওঁ ফ্লেটৰ বাহিৰ হ’বলৈ এৰি দিছিল। হতাশাত ভোগা কুমাৰে ফ্লেটৰ ভিতৰতে ছোফাত শুইছিল আৰু তাতেই মল-মূত্ৰ ত্যাগ কৰি এক কদৰ্য পৰিবেশত বাস কৰিছিল। অৱশেষত ছিল নামৰ সংস্থাটোৱে তেওঁক উদ্ধাৰ কৰে। ইয়াৰ লগে লগে এখন ব্যস্ততাপূৰ্ণ মহানগৰ মুম্বাইত নিসংগতা কিমান ভয়ংকৰ ৰোগ সেয়া প্ৰমাণিত হৈছে।
Discussion about this post