ইজৰাইল আৰু ইৰানৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ পিচতেই পাৰস্য উপসাগৰীয় দেশখনৰ ইজনৰ পিচত সিজন শীৰ্ষ সেনা কমাণ্ডাৰ আৰু পৰমাণু বিজ্ঞানীক হত্যা কৰিছে ইহুদি সেনাই। আজি প্ৰকাশিত এক বাতৰি অনুসৰি ইজৰাইলৰ এগৰাকী মহিলা গুপ্তচৰ কেথৰিন পেৰেজ ছেকদৰ (Mossad’s ‘Female Spy’ Katherine Perez Sheked) তথ্যৰ ভিত্তিত ইহুদি সেনাই নিখুঁতভাৱে এই অভিযান চলাবলৈ সক্ষম হৈছে। ইৰানৰ গুপ্তচৰ সংস্থা এম অ আই এছৰ এক তথ্য অনুসৰি মহিলা গুপ্তচৰগৰাকীৰ তথ্যৰ ভিত্তিতেই ইজৰাইলী সেনাই ইৰানত ধ্বংসকাৰ্য চলাবলৈ সক্ষম হৈছে। ১৩ জুনৰ পৰা ২১ জুন এই সময়ছোৱাত ইজৰাইলৰ আক্ৰমণত ইৰানে কমেও ১০ জনকৈ পৰমাণু বিজ্ঞানীক হেৰুৱাবলগীয়া হৈছে। আনকি ইছলামিক ৰিভলিউচনেৰি গাৰ্ডৰ সৰ্বোচ্চ কমাণ্ডাৰজনকো হত্যা কৰিছে ইজৰাইলি সেনাই। এই আক্ৰমণ ইমানেই নিখঁত আছিল যে আনকি ইজৰাইলৰ আক্ৰমণত নিকটৱৰ্তী স্থানত কোনো ক্ষয়-ক্ষতি হোৱা নাই। জানিব পৰামতে ইজৰাইলী মহিলা গুপ্তচৰ কেথৰিনে মোছাদৰ পৰা প্ৰশিক্ষণ লাভ কৰাৰ পিচতে তেহৰাণত প্ৰৱেশ কৰিছিল। তেহৰানত প্ৰৱেশ কৰিয়ে কেথৰিনে প্ৰথমে ইছলাম ধৰ্ম গ্ৰহণ কৰে। বিশ্বাস আৰু আনুগত্য প্ৰকাশৰ বাবে কেথৰিনে ইৰানৰ সেনাবাহিনীৰ ভুয়সী প্ৰশংসা কৰি আহিছিল। এই প্ৰশংসাৰ সূত্ৰে ইৰানৰ সেনাবাহিনীৰ শীৰ্ষ বিষয়ববীয়াৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সৈতেও বন্ধুত্ব গঢ়ি তোলে কেথৰিনে। ইৰানৰ শীৰ্ষ কমাণ্ডাৰৰ বাসগৃহলৈ অবাধ অহা-যোৱা আছিল কেথৰিনৰ। এনেদৰেই বহু ভিতৰুৱা গুপন তথ্য ইজৰাইলৰ গুপ্তচৰ সংস্থা মোছাদলৈ প্ৰেৰণ কৰি আহিছিল কেথৰিনে।
Discussion about this post