ইজৰাইলৰ সৈতে ইৰানৰ সংঘাতৰ সময়ত সবাতোকৈ চৰ্চিত নামটোৱেই হৈছে আয়াতুল্লা আলী খামেইনী। সুদীৰ্ঘ ৪৪ বছৰ ধৰি খামেইনী ইৰানৰ একচ্ছত্ৰী শাসক হৈ আহিছে। পংগু হোৱা সত্বেও খামেইনী এতিয়া ম’ষ্ট ৱাণ্টেড শাসক। কিয়নো এইজন ইৰানৰ সৰ্বোচ্চ ধৰ্মীয় নেতাই নুশুনে এখন কাণেৰে আৰু সোঁহাতখনো বিকল। তথাপি আমেৰিকাই কৈছে যে ইৰানৰ এইগৰাকী নেতা তেওঁলোকৰ অন্যতম টাৰ্গেট। সেইদৰে ইজৰাইলেও কৈছে যে যদি খামেইনীক হত্যা কৰা হয়, তেন্তে সকলো বিবাদেই নিষ্পত্তি হ’ব। এনে সকীয়নিৰ মাজতো খামেইনীৰ বাবে প্ৰাণৰ আশংকা নতুন কথা নহয়। বৰ্তমান খামেইনী গোপন বাংকাৰত আশ্ৰয় লৈ আছে। অহৰহ মৃত্যুৰ ভাবুকিৰ মাজত থকা খামেইনীৰ ওপৰত ইছলামিক বিপ্লৱৰ ২ বছৰৰ পিছতে ১৯৮১ চনত প্ৰাণঘাতী আক্ৰমণ হৈছিল। এখন সংবাদমেলত ভাষণ দি থাকোতে খামেইনীৰ কাষতে ৰখা এটা টেপৰেকৰ্ডাৰ বিস্ফাৰণ ঘটি খামেইনীৰ সোঁহাতখন বিকল হৈ পৰিছিল আৰু এখন কাণেৰে নুশুনা হৈ পৰিছিল। এনে দৈহিক আসোঁবাহ থকা সস্তেও ইৰানৰ শাসনৰ বাঘজৰী নিকপকপীয়াকৈ ধৰি আছে খামেইনীয়ে। ১৯৩৯ চনৰ ১৯ এপ্ৰিলত ইৰানৰ নাজাফ চহৰত জন্ম হৈছিল খামেইনীৰ। পিতৃ তথা মৌলবী জাভেদ খামেইনীৰ সৰ্বমুঠ ৮ টা সন্তানৰ দ্বিতীয় সন্তান আছিল আলী খামেইনী। ১৯৮৯ চনৰ পৰা ইৰানৰ ক্ষমতাত অধিষ্ঠিত হৈ আছে এতিয়াৰ সবাতোকৈ চৰ্চিত শাসক আয়াতুল্লা আলী খামেইনী।
Discussion about this post