শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত নীৰৱতা ভংগ আছুৰ, প্ৰথম প্ৰতিক্ৰিয়া হিচাপে সভাপতি উৎপল শৰ্মাই কৰিলে কেইবাটাও ডাঙৰ মন্তব্য।
হেণ্ডকাফ প্ৰসংগত সভাপতি উৎপল শৰ্মাই কয়, ‘আপোনালোকে হেণ্ডকাফৰ কথা কৈ আছে, আমাৰ ছিপজৰীডাললৈ মনত পৰিছে।’
আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰথমবাৰলৈ মুখ খুলিছে সদৌ অসম ছাত্ৰ সন্থাই। দীৰ্ঘ-নীৰৱতা ভংগ কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সংগঠনটোৰ সভাপতি উৎপল শৰ্মাই।
উৎপল শৰ্মাই কয়, ‘বিয়াৰ প্ৰলোভনেৰে যৌন শোষণ চলোৱাৰ অভিযোগত অভিযুক্ত হৈ ছাত্ৰ সন্থাৰ পৰা বহিষ্কাৰৰ ভয়ত পলাই যাবলগীয়া হৈছিল শংকৰজ্যোতি বৰুৱাই।’
তেওঁ কয়, ‘যৌন শোষণৰ অভিযোগত অভিযুক্ত শংকৰজ্যোতি বৰুৱাক লৈ ছাত্ৰ সন্থাৰ স্থিতি থকাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে। যৌন শোষণৰ অভিযুক্তৰ পক্ষত ছাত্ৰ সন্থাৰ স্থিতি থাকিব বুলি আশা কৰাটোও অনুচিত বুলি মন্তব্য উৎপলৰ।
সেই যুৱতীগৰাকী এতিয়াও আছুত আছে বুলি উল্লেখ কৰি সভাপতিগৰাকীয়ে লগতে কয়, ‘বিয়াৰ প্ৰলোভনেৰে যৌন শোষণ চলোৱা অভিযুক্তৰ প্ৰতি ছাত্ৰ সন্থাৰ কোনো অনুকম্পা নাই। সেই ছাত্ৰীগৰাকী এতিয়াও আছুত আছে। এতিয়াও তেওঁ ন্যায় বিচাৰি আদালতৰ দুৱাৰে-দুৱাৰে ঘূৰি ফুৰিছে।’
হেণ্ডকাফ প্ৰসংগত সভাপতি উৎপল শৰ্মাই কয়, ‘আপোনালোকে হেণ্ডকাফৰ কথা কৈ আছে, আমাৰ ছিপজৰীডাললৈ মনত পৰিছে।’ বিয়াৰ প্ৰলোভনেৰে নিজৰ কামনা চৰিতাৰ্থ কৰা অভিযুক্ত এজনৰ সৈতে আছুৰ অন্য প্ৰাক্তন নেতাক তুলনা নকৰিবলৈ আছুৰ সভাপতিজনে লগতে অনুৰোধ জনায়।
Discussion about this post