LGM-30G- Minuteman-3 – কোনো এয়াৰ ডিফেন্স চিষ্টেমে প্ৰতিৰোধ কৰিব নোৱাৰা মিচাইল প্ৰস্তুত আমেৰিকাৰ…
প্ৰতিৰক্ষা ক্ষেত্ৰত আৰু এধাপ আগুৱালে আমেৰিকাই। শেহতীয়াকৈ আমেৰিকাই অতি শক্তিশালী এটা পৰমাণু মিচাইলৰ সফল পৰীক্ষণ সম্পন্ন কৰে। ঘন্টাত প্ৰায় ২৪ হাজাৰ কিলোমিটাৰ বেগত শত্ৰুক আক্ৰমণ কৰিব পৰা এই পৰমাণু মিচাইলটোৱে একেবাৰতে ৩টা স্থানত লক্ষ্যভেদ কৰিব পাৰে।
প্ৰায় ১০ হাজাৰ কিলোমিটাৰ নিলগত থকা শত্ৰুক আক্ৰমণৰ বাবে সক্ষম এই মিচাইলৰ পৰীক্ষণত সফল হয় আমেৰিকা। মিচাইলটোৰ নাম ৰখা হৈছে- মিনিটমেন ৩। ঘন্টাত ২৪ হাজাৰ কিলোমিটাৰ বেগত গতি কৰিব পৰা এই পৰমাণু মিচাইলটোৱে মিনিটতে শত্ৰুক ধৰাশায়ী কৰিব পৰা ক্ষমতা আছে।
আমেৰিকাই এই মিচাইলৰ এটা ইউনিট তৈয়াৰ কৰিবলৈ প্ৰায় ৭ মিলিয়ন ডলাৰ খৰছ কৰিছে।
এই মিচাইলৰ সম্পূৰ্ণ নাম হৈছে- LGM-30G- Minuteman-3। এই মিচাইল ইমানেই শক্তিশালী যে কোনো এয়াৰ ডিফেন্স চিষ্টেমেও প্ৰতিৰোধ কৰিব নোৱাৰে ইয়াৰ আক্ৰমণ।
১৮.৩ মিটাৰ দৈৰ্ঘ্যৰ LGM-30G- Minuteman-3 ৰ ওজন প্ৰায় ৩৪,৪৬৭ কিলোগ্ৰাম। ইয়াৰ উপৰিও ই তিনিটা পৰ্যায়ৰ কঠিন ইন্ধনযুক্ত ক্ষেপণাস্ত্ৰ।
Discussion about this post