‘মোৰ শৰীৰত তেজ নহয়, গৰম সিন্দূৰৰ বৈছে’, বিকানেৰৰ পৰা পাকিস্তানক সকীয়নি মোদীৰ
পেহেলগাম আক্ৰমণৰ ঠিক এমাহৰ পাছত পাকিস্তানৰ সীমান্তৱৰ্তী ৰাজস্থান ৰাজ্যত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ বিকানেৰৰ পৰা দেশৰ ১০৩টা অমৃত ভাৰত ষ্টেচন উদ্বোধন কৰে।
তাত এখন ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেহেলগাম আক্ৰমণক গৰিহণা দি অপাৰেচন সিন্দূৰৰ সফলতাৰ ওপৰত আলোকপাত কৰে।
মোদীয়ে কয়, “মোৰ শৰীৰত এতিয়া তেজ নহয়, গৰম সিন্দূৰ বৈছে। অপাৰেচন সিন্দূৰ কোনো প্ৰতিশোধ নহয়। ই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ন্যায়ৰ যুঁজ।”
মোদীয়ে লগতে জনাইছে, বিগত ২২ এপ্ৰিলৰ পেহেলগামৰ আক্ৰমণৰ প্ৰত্যুত্তৰ ভাৰতে ২২ মিনিটত দিছিল। পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ন’টা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰিছে ভাৰতীয় সেনাই।
পেহেলগাম আক্ৰমণৰ পাছত ভাৰতীয় সেনাৰ অপাৰেচন সিন্দূৰৰ সফলতাৰ সন্দৰ্ভত কোৱাৰ সময়ত মোদীয়ে কয়, “যি সকলে ভাৰতৰ মাতৃ-ভগ্নীৰ পৰা সিন্দূৰ মচিবলৈ চেষ্টা কৰিছিল তেওঁলোকক ধূলিস্যাৎ কৰা হৈছে । ২২ এপ্ৰিলৰ উত্তৰ ২২ মিনিটত দিলোঁ।”
সন্ত্ৰাসবাদক সমৰ্থন কৰাৰ বাবে পাকিস্তানক সকিয়নী মোদীৰ, “মুখামুখি যুঁজ হ’লে পাকিস্তানে কেতিয়াও ভাৰতৰ সন্মুখত থিয় দিব নোৱাৰিব।”
উল্লেখ্য যে, প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ বিকানেৰৰ পৰা দেশৰ ১০৩টা অমৃত ভাৰত ষ্টেচন ভাৰ্চুৱেলি উদ্বোধন কৰে। তাত অনুষ্ঠিত জনসভাৰ পৰা মোদীয়ে দেশৰ ক্ৰমবৰ্ধমান অগ্ৰগতিৰ ওপৰত আলোকপাত কৰে।
তেওঁৰ ভাষণত মাজতে পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ আৰু ইয়াৰ প্ৰত্যুত্তৰ আক্ৰমণ অপাৰেচন সিন্দুৰৰ কথাও উল্লেখ কৰে। ভাৰতীয় সেনাৰ শক্তিৰ বিষয়ে কোৱাৰ সময়ত মোদীয়ে কয় ,”মোৰ মূৰটো ঠাণ্ডা থাকে ঠিকেই, কিন্তু মোৰ তেজ সিন্দূৰৰ দৰে গৰম।”
Discussion about this post