ইউৰিক এচিড (Uric Acid) ….
ইউৰিক এচিড (Uric Acid) হৈছে শৰীৰে পিউৰিন (Purines) নামৰ পদাৰ্থবোৰ ভাঙি পেলোৱাৰ সময়ত সৃষ্টি হোৱা এক ৰাসায়নিক পদাৰ্থ। পিউৰিন ((Purines) সাধাৰণতে শৰীৰত উৎপন্ন হয় আৰু কিছুমান খাদ্য আৰু পানীয়তো পোৱা যায়। শৰীৰত ইউৰিক এচিডৰ স্তৰ বৃদ্ধি হ’লে গাঁঠিৰ বিষ আৰু বৃক্কৰ পাথৰৰ দৰে স্বাস্থ্য সমস্যা হয়।কিন্তু আমাৰ সঠিক খাদ্যাভ্যাসে এই সমস্যাৰ পৰা আমাক সকাহ দিব পাৰে। আমি আহাৰত কিছুমান খাদ্য সামগ্ৰী অন্তৰ্ভুক্ত কৰি যিসকল লোকৰ শৰীৰত ইউৰিক এচিডৰ স্তৰ বৃদ্ধি হৈ আছে তাক নিয়ন্ত্ৰণ কৰিব পাৰো। ইউৰিক এচিডৰ মাত্ৰা তেজ বা প্ৰস্ৰাৱ পৰীক্ষাৰ দ্বাৰা সময়ে সময়ে জুখি থকাটো শৰীৰৰ বাবে প্ৰয়োজন ।
ইউৰিক এচিড (Uric Acid) হ্ৰাস কৰা কেইবিধমান খাদ্য হৈছে-
হালধি –
হালধিত কাৰকিউমিন থাকে, যাৰ প্ৰদাহ-প্ৰতিৰোধী আৰু এণ্টিঅক্সিডেণ্ট গুণ আছে। ই কেৱল ইউৰিক এচিডৰ স্তৰ হ্ৰাস কৰাৰ লগতে গাঁঠিৰ বিষ তথা অন্যান্য সম্পৰ্কিত সমস্যা প্ৰতিৰোধ কৰাত সহায় কৰে।গাখীৰ, পাচলি বা পানীৰ সৈতে হালধি সেৱন কৰাটো লাভজনক হ’ব পাৰে।
আদা –
আদা হৈছে এক প্ৰাকৃতিক প্ৰদাহ-প্ৰতিৰোধী, যি ইউৰিক এচিডৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। আদাত থকা ভিটামিন আৰু এণ্টিঅক্সিডেণ্টে সামগ্ৰিক স্বাস্থ্য ভালে ৰখাত অৰিহণা যোগায়। আপুনি আদাৰ ৰস এগিলাচ পানীৰ সৈতে মিহলি কৰি দিনত ২-৩ বাৰকৈ খাব পাৰে।
ডালচেনি –
ডালচেনিৰ এণ্টি-ইনফ্লেমেটৰী আৰু এণ্টিঅক্সিডেণ্ট গুণাগুণ আছে, যি ইউৰিক এচিডৰ স্তৰ হ্ৰাস কৰাত সহায় কৰিব পাৰে। ইয়াৰ ব্যৱহাৰে ৰক্ত শৰ্কৰাৰ স্তৰ বজাই ৰখাত সহায় কৰে। আপুনি চাহৰ লগতে বিভিন্ন ব্যঞ্জনত ডালচেনি অন্তৰ্ভুক্ত কৰিব পাৰে।
মেথিগুটি –
মেথিগুটিৰ পিউৰিনৰ পৰিমাণ কম আৰু ই গাঁঠিৰ বিষ হ্ৰাস কৰাত সহায় কৰিব পাৰে। ৰাতিপুৱা খালী পেটত পানীত তিয়াই থোৱা মেথিৰ গুটি খোৱাটোৱে ইউৰিক এচিড নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে।
ধনিয়া পাত –
ধনিয়া পাতত এণ্টিঅক্সিডেণ্ট থাকে, যি ইউৰিক এচিডৰ স্তৰ হ্ৰাস কৰিব পাৰে। ধনিয়া পাতত মূত্ৰবৰ্ধক গুণাগুণো আছে, যি বৃক্কৰ কাৰ্যক্ষমতা বজাই ৰখাত সহায় কৰে। আপুনি চালাড, চাটনি বা পাচলিত ধনিয়া পাত ব্যৱহাৰ কৰিব পাৰে।
তদুপৰি, গোটেই দিনটো পৰ্যাপ্ত পানী খালেও ই ইউৰিক এচিডৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। যদি আপোনাৰ ইউৰিক এচিডৰ সমস্যা আছে, তেন্তে চিকিৎসকৰ পৰা পৰামৰ্শ ল’বলৈ কিন্তু নাপাহৰিব লগতে চিকিৎসকে দিয়া পৰামৰ্শসমূহ মানি চলিব।
এই সৰল পদক্ষেপবোৰৰ দ্বাৰা আপুনি আপোনাৰ স্বাস্থ্যত ইতিবাচক পৰিৱৰ্তন আনিব পাৰে আৰু ইউৰিক এচিডৰ সমস্যাৰ পৰা সকাহ পাব পাৰে। উচ্চ ইউৰিক এচিডৰ স্তৰ নিয়ন্ত্ৰণ কৰাৰ বাবে সঠিক আহাৰ বাছনি কৰাটো গুৰুত্বপূৰ্ণ। আপোনাৰ আহাৰত উল্লেখিত খাদ্য সামগ্ৰীসমূহ অন্তৰ্ভুক্ত কৰি কেৱল ইউৰিক এচিডৰ স্তৰ হ্ৰাস কৰাই নহয়, আপুনি আপোনাৰ সামগ্ৰিক স্বাস্থ্যও উন্নত কৰিব পাৰে।
Discussion about this post