মঙলবাৰলৈকে ৮.৮ কোটি ভক্তৰ স্নান মহাকুম্ভত …
বিশ্বৰ বৃহত্তম মানৱ সমাবেশ হিচাপে স্বীকৃত মহাকুম্ভ (১৪৪ বছৰৰ পিচত) মেলা তথা ত্ৰিবেণী সংগমত মঙলবাৰপৰ্যন্ত ৮ কোটি ৮০ লাখ লোকে স্নান কৰে। অতি শৃংখলাবদ্ধ ভাৱে দেশ-বিদেশৰ পৰা পৰা অহা হাজাৰ হাজাৰ ভক্তই প্ৰতিদিনে বিভিন্ন স্নান আৰু জপকাৰ্য সম্পন্ন কৰিছে। অনুষ্ঠানত অংশ লোৱা প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কয় যে ভক্তৰ স্নান, প্ৰাৰ্থনা, জপ, ধ্যান আদিৰ বাবে অতি সুন্দৰ ব্যৱস্থা কৰা হৈছে। লাখ লাখ লোকৰ সমাবেশ সুন্দৰভাৱে পৰিচালনা কৰা কাৰ্যকো তেখেতে উচ্চ প্ৰশংসা কৰে। কুম্ভমেলাত উপস্থিত হৈ স্নান কৰা দেখা গ’ল অভিনেতা অনুপম খেৰক। অংশ ললে উদ্যোপতি গৌতম আদানি, পত্নী আৰু তেখেতসকলৰ পুত্ৰই। মহাকুম্ভত সুন্দৰী সাধ্বী হিচাপে পৰিচিত হৰ্ষ ৰিচাৰিয়াই আন এক স্থান দখল কৰিছে। বিভিন্ন পীঠস্থানৰ ধৰ্মগুৰুসকলৰ লগত মডেল ৰিচাৰিয়াই একেলগে স্নান কৰা কাৰ্যক স্বামী আনন্দ স্বৰূপকে ধৰি কেইজনমান ধৰ্মগুৰুৱে বিৰেধিতা কৰিছে। কিন্তু অখিল ভাৰতীয় আখৰা পৰিষদৰ সভাপতি মহন্ত ৰবীন্দ্ৰ পুৰীয়ে সনাতন ধৰ্ম ৰক্ষাৰ দায়িত্বৰ অংশ হিচাপে সুন্দৰী সাধ্বী গৰাকীক মৌনী অমাৱস্যাৰ স্নানত অংশ ল’বলৈ অনুমতি দিছে। মহাকুম্ভ মেলাত মণি-মুকুতাৰ হাৰ বিক্ৰী কৰি ফুৰা এগৰাকী যুৱতীৰ সৌন্দৰ্যয়ো লাখ লাখ লোকৰ দৃষ্টি আৰ্কষণ কৰিছে। ইন্দোৰৰ লাস্যময়ী যুৱতীগৰাকীৰ ৰূপ লাৱণ্য ফেচবুক, ইনষ্টাগ্ৰাম আদিত ব্যাপকভাৱে চৰ্চা হৈছে। যুৱতীগৰাকী পৰিচিত হৈ পৰিছে মহাকুম্ভৰ মনালিছা হিচাপে।
Discussion about this post