তিনি তৰপীয়া হাৰত বাঢ়িব বিদ্যুৎ মাচুল …
বয়-বস্তুৰ অত্যধিক মূল্যবৃদ্ধি, বৰ্ধিত বিভিন্ন কৰ-কাটলে সৰ্বসাধাৰণ জনতাৰ কঁকাল ভাঙি পেলোৱাৰ পিচত এইবাৰ অসম চৰকাৰে অতি কৌশলেৰে পূৰ্বৰ দুই তৰপীয়া ব্যৱস্থাৰ অৱসান ঘটাই এইবাৰ তিনি তৰপীয়া হাৰত ১ এপ্ৰিলৰ পৰা মাচুল বৃদ্ধি কৰিবলৈ নিয়ামক আয়োগক প্ৰস্থাৱ দাখিল APDCL ৰ । দিনৰ ভাগত প্ৰতি ইউনিটত ৬.৯৯ টকাকৈ, নিশাৰ ভাগত ৮.৯৪ টকাকৈ, সৰ্বোচ্চ চাহিদাৰ সময়ছোৱাত ৯.৬২ টকাকৈ বঢ়োৱাৰ প্ৰস্তাৱ। এয়া অসমৰ মুখ্যমন্ত্ৰীয়ে ১ জানুৱাৰীত বিজুলীৰ মাচুল কমিব বুলি কোৱাৰ পিচতে বিপৰীত দৃশ্যপট।
আনহাতে ৰাজ্য়ত বিদ্যুৎ মাচুল বৃদ্ধি প্ৰসংগক লৈ চৰ্চা চলি থকাৰ মাজতেই শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে সোমবাৰে বিয়লি হঠাতে চিৰাঙৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰৰ মানস অতিথিশালাত উপস্থিত হয় । শক্তিমন্ত্ৰীক বিদ্যুৎ মাচুল বৃদ্ধিৰ সন্দৰ্ভত প্ৰশ্ন কৰাত মন্ত্ৰীগৰাকীয়ে কয়, “বিদ্যুৎ মাচুল বৃদ্ধিৰ আজিৰ তাৰিখত কোনো প্ৰাসংগিকতা নাই । কাৰণ আজি বিদ্যুতৰ পৰা শক্তি বিভাগৰ ৰাহি হৈছে ৬০০ কোটি টকা ।
৬০০ কোটি টকা ৰাহি হোৱা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, “বিভিন্ন প্ৰকাৰে বিদ্যুৎ উৎপাদনৰ বাবে আমি ব্যৱস্থা লৈছো । নামনি কপিলী প্ৰকল্পৰ পৰা ১২০ মেগাৱাট বিদ্যুৎ, সৌৰ শক্তিৰ পৰা বিদ্যুৎ উৎপাদনৰ ব্যৱস্থা লোৱা হৈছে । সেয়ে আজিৰ তাৰিখত বিদ্যুতৰ মাচুল বৃদ্ধিৰ প্ৰাসংগিকতা আছে বুলি মই নাভাবো । ”
শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনক সাংবাদিকে পুনৰ প্ৰশ্ন কৰাত কয় যে নিজে এই বিষয়ে জ্ঞাত নহয় । তেওঁ পুনৰ কয়, “আমি মুখ্যমন্ত্ৰীৰ নেতৃত্বত এই গোটেই ব্যৱস্থাৰ তদাৰক কৰি থকা হৈছে । বিদ্যুতৰ বাবে ৰাইজক উৎকৃষ্ট সেৱা দিয়াৰ কাম কৰি আছো । মাচুল বৃদ্ধিৰ বিষয়ে মই মন্ত্ৰী হৈ একো শুনা নাই আৰু নাজানো ।”
Discussion about this post