বিতৰ্কিত চিকিৎসক মৃদুপৱন নাথে লাভ কৰিলে জামিন। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে চিকিৎসকগৰাকীৰ জামিন আবেদন। আয়-বহিৰ্ভূত সম্পত্তিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল ডাঃ নাথ। মঙলদৈ থানাৰ গোচৰত জামিন পালে চিকিৎসকগৰাকীয়ে। পূৰ্বে মঙলদৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চিকিৎসকগৰাকীক। মঙলদৈ থানাত মৃদুপৱন নাথৰ বিৰুদ্ধে ২৩২/২০২৪ নম্বৰত ৰুজু হৈছিল গোচৰ৷ চি এম ভিজিলেন্সৰ এখন পত্ৰৰ উত্তৰ ভুলকৈ দিয়াৰ অভিযোগত আটক হৈছিল মৃদুপৱন নাথ।
উল্লেখযোগ্য যে মঙলদৈৰ JSM নাৰ্ছিং হোমত আছিল মৃদুপৱন নাথৰ শ্বেয়াৰ। সেই সন্দৰ্ভত তথ্য বিচাৰি চি এম ভিজিলেন্সে পত্ৰ প্ৰেৰণ কৰিছিল নাৰ্ছিং হোমখনৰ কৰ্তৃপক্ষলৈ। কিন্তু সেই পত্ৰ প্ৰেৰণৰ সময়ত নাৰ্ছিং হোমখনৰ প্ৰশাসনিক বিষয়া আছিল বিদেশত। যাৰ ফলত ভুৱাকৈ পত্ৰৰ উত্তৰ দিছিল মৃদুপৱন নাথে নিজেই। সেই কথা পোহৰলৈ অহাৰ পাছতে ডাঃ নাথৰ বিৰুদ্ধে নাৰ্ছিং হোম কৰ্তৃপক্ষই তৰিছিল গোচৰ।
চি এম ভিজিলেন্সে মৃদুপৱনৰ সংগী বহুকেইগৰাকী যুৱতী, মহিলাকো সোধা-পোছা কৰিছিল। ইয়াৰ ভিতৰত আছিল চিকিৎসক, নাৰ্ছ, মডেল, গায়িকা। তদন্তৰ আওতালৈ অহা সকলোৱে চি এম ভিজিলেন্সক দিছিল বহু বিস্ফোৰক তথ্য। সকলো তথ্য প্ৰমাণ পৰীক্ষা কৰাৰ পাছতে গ্ৰেপ্তাৰ হৈছিল মৃদুপৱন নাথ।
Discussion about this post