মঙলবাৰে সমগ্ৰ লেবানন আৰু ছিৰিয়াৰ কিছু অংশত একেলগে কেইবাটাও হেণ্ডহেল্ড পেজাৰ বিস্ফোৰণ হোৱাৰ ফলত ৯ জন লোক নিহত হোৱাৰ লগতে হিজবুল্লাহৰ সদস্যকে ধৰি শতাধিক লোক আহত হয়। ইজৰাইলৰ সৈতে জড়িত “অত্যাধুনিক দূৰৱৰ্তী আক্ৰমণ” বুলি সন্দেহ কৰা এই বিস্ফোৰণটো লেবানন সীমান্তৰ সিপাৰে উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে সংঘটিত হৈছে। হিজবুল্লাই এই আক্ৰমণৰ বাবে ইজৰাইলক দোষাৰোপ কৰিছে । একে সময়তে ইজৰাইল সেনাই এই বিষয়ত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰিছে ।
লেবাননৰ স্বাস্থ্যমন্ত্ৰীয়ে কয় যে সমগ্ৰ দেশতে পেজাৰ বিস্ফোৰণৰ ফলত ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৭৫০ জন লোক আহত হৈছে আৰু ইয়াৰে ২০০ জনৰ অৱস্থা সংকটজনক ।
Discussion about this post