আজি ৩০ আগষ্ট শুকুৰবাৰ অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ অন্তিমটো দিন ৷ অধিৱেশনৰ সামৰণিৰ দিনাই গ্ৰহণ কৰা হয় এক ঐতিহাসিক সিদ্ধান্ত । বৃটিছৰ দিনৰ পৰা চলি অহা এক পৰম্পৰাৰ আজি সদনত সৰ্বসন্মতিক্ৰমে বিলুপ্তি সাধন ঘটোৱা হয় ।
এতিয়াৰে পৰা আৰু শুকুৰবাৰে নামাজৰ বাবে পূৰ্বতে থকা দুঘণ্টাৰ বিৰতি নাথাকে । আন দিনাৰ দৰেই শুকুৰবাৰেও নিয়মীয়াকৈ সদন পৰিচালিত হ’ব । বিধানসভাৰ পৰৱৰ্তী অধিৱেশনৰ পৰা কাৰ্যকৰী হ’ব এই নিয়ম ।
এই সন্দৰ্ভত বিধায়ক বিশ্বজিৎ ফুকনে কয়, ‘‘চৈয়দ চাদুল্লাৰ দিনৰে পৰা চলি অহা এটা নিয়মৰ আজি সদনত বিলু্প্তি ঘটোৱা হয় । বিধানসভাৰ অনাগত অধিৱেশনৰ পৰা কাৰ্যকৰী হ’ব এই নিয়ম । সদনত বিধায়ক আমিনুল ইছলামে বিষয়টো উত্থাপন কৰিছিল । শুকুৰবাৰে ১১:৩০ বজাৰ নামাজৰ বাবে বিধানসভাৰ অধিৱেশনত বিৰতি দিয়াৰ ব্যৱস্থা বৃটিছৰ দিনৰে পৰা চলি আহিছিল । দেশৰ কোনো ৰাজ্যতে এনে ব্যৱস্থা নাই ।’’
‘‘অৱশেষত অসম বিধানসভায়ো চৈয়দ চাদুল্লাৰ দিনৰে পৰা চলি অহা এই ব্যৱস্থাৰ অৱসান ঘটায় । সদনত সৰ্বসন্মতিক্ৰমে এই ডাঙৰ সিদ্ধান্তটো লোৱা হয় । ইয়াৰ বাবে মই অধ্যক্ষক ধন্যৱাদ জ্ঞাপন কৰিছো । বিধানসভাৰ নিয়মাৱলীৰ ৰুল-১১ সংশোধন কৰি নামাজৰ বাবে থকা বিৰতিৰ বিলুপ্তি ঘটোৱা হৈছে । এই সিদ্ধান্তত কোনেও আপত্তি কৰা নাই ।’’ বিধায়ক ফুকনে কয় ৷
Discussion about this post