যোৱাকালি মুখ্যমন্ত্ৰী ড° শৰ্মাই সংবাদ মাধ্যমৰ সৈতে মুখামুখি হওঁতে এক অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হয়৷ USTM ৰ শিক্ষাৰ্থীক অসমত চাকৰিৰ বাবে আবেদন কৰাৰ কথা উল্লেখ কৰিবলৈ গৈ শৰ্মাই কয় যে,“ USTM ৰ পৰা উত্তীর্ণ ছাত্ৰ ছাত্ৰীয়ে যাতে অসমত চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰে, তাৰ চিন্তা চৰ্চা কৰি আছোঁ। বাহিৰা বিশ্ববিদ্যালয়ৰ পৰা উত্তীর্ণ ছাত্র ছাত্রীয়ে অসমত সুকীয়া পৰীক্ষা দিব লাগিব। USTM ৰ ওপৰত মোৰ খঙটো অলপ বেছি। কাৰণ, USTM য়ে আমালৈ পানী এৰি আছে। তাত এখন মেডিকেল কলেজ বনাইছে, এজনো ৰোগী নাই। মেডিকেল কাউন্সিলৰ পৰা দল অহাৰ দিনা জোৰকৈ ৰোগী ভৰ্তি কৰাইছে৷”
ইয়াৰ পাছতে এজন যুৱ সাংবাদিকে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি জালুকবাৰীস্থিত মান্দাকাটা পাহাৰৰ দুৰাৱস্থাক লৈ মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে৷ স্মৰ্তব্য যে, জালুকবাৰীৰ পৰা বাইহাটা চাৰিআলি অভিমুখে গ’লে সোঁকাষে চাংসাৰিৰ আৰ্মী কেম্পৰ পৰা বাইহাটা চাৰিআলিলৈ পাহাৰ ধ্বংসলীলা অব্যাহত আছে৷ কিন্তু সাংবাদিকে সোধা প্ৰশ্নত বিব্ৰত হৈ সাংবাদিকৰ নামহে সোধে৷ সাংবাদিকজনে নিজৰ নাম শ্বাহ আলম বুলি কোৱাৰ পাছতে মুখ্যমন্ত্ৰী শৰ্মাই ধৰ্মীয় দৃষ্টিকোণেৰ সাংবাদিকজনক তুচ্ছ তাচ্ছিল্য কৰে৷
মুখ্যমন্ত্ৰীৰ এনে ধৰ্মীয় মন্তব্যত আহত হৈ সামাজিক মাধ্যমত যুৱ সাংবাদিক শ্বাহ আলমে লিখিছে- “এটা সামান্য প্ৰশ্ন সোধা হৈছিল মুখ্যমন্ত্ৰীক । কিন্তু বিষয়টোৰ সন্দৰ্ভত যথোপযুক্ত উত্তৰ দিয়াৰ পৰিবৰ্তে মুখ্যমন্ত্ৰীয়ে আমাক ব্যক্তিগত ভাৱে আক্ৰমণ কৰি ল’বলৈ আৰম্ভ কৰিলে। এগৰাকী সাংবাদিক হিচাপে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাটো মোৰ দায়িত্ব আৰু ধৰ্ম। তাৰ মাজত যদি কোনো এটা প্ৰশ্ন তেওঁৰ মনপুত নহয় তেনেস্থলত ব্যক্তিগত আক্ৰমণ কৰি লোৱাটো দুৰ্ভাগ্যজনক নহয় নে ? মোৰ নামৰ লগত মোৰ প্ৰশ্নৰ কি সম্পৰ্ক ? হয় মোৰ নাম শ্বাহ আলম। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনিয়েই খিলঞ্জীয়াৰ স্বীকৃতি দিয়া মই এজন গৰিয়া। অসমীয়াত্ব বুকুত সাৱটি লৈ জীয়াই থকা এজন স্বাভিমানী অসমীয়া। অসমীয়া মোৰ প্ৰথম পৰিচয়। আপুনি মোক যেনেদৰে নামক লৈ আক্ৰমণ কৰিলে এয়া আপুনি মোৰ স্বাভিমানক আঘাত কৰিছে। আপোনাৰ মন্তব্য দুৰ্ভাগ্যজনক। জাতি আৰু ধৰ্মক একাকাৰ কৰাটো অসমীয়াৰ বাবে ক্ষতিকাৰক। ধন্যবাদ৷”
বহুতে মুখ্যমন্ত্ৰীক ব্যক্তিগত ন্যস্ত স্বাৰ্থ আৰু পৰিয়ালকেন্দ্ৰিক কাৰণত USTMক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি ক্ষুৰধাৰ সমালোচনা কৰিছে৷
Discussion about this post