বৃহস্পতিবাৰে দিছপুৰত অনুষ্ঠিত হয় কেবিনেট বৈঠক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় বৈঠকখন। ফাষ্টট্ৰেক আদালত(Fast Track Court)ত হ’ব নন্দিতা শইকীয়াৰ হত্যাৰ বিচাৰ। কেবিনেট বৈঠকতে
এই সিদ্ধান্ত গ্ৰহণ। বৈঠকৰ পিছত মন্ত্ৰী কেশৱ মহন্ত, ৰঞ্জিত দাস, ৰণোজ পেগুৰ সংবাদমেল।
মৰিধল কলেজৰ ছাত্ৰী নন্দিতাৰ মৃত্যুত চৰকাৰৰ শোক প্ৰকাশ। নন্দিতাৰ হত্যাকাৰীক শাস্তিৰ দাবী ৰাজ্যৰ চৌদিশে। লগতে সিদ্ধান্ত গ্ৰহণ কৰে যে- ১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব শিক্ষানুষ্ঠানৰ আনলক প্ৰক্ৰিয়া। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ নতুন নামাকৰণ। এতিয়াৰ পৰা বিভাগটোৰ নাম হ’ব বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন বিভাগ।
Photo: Google





























Discussion about this post