টোলগে’টত জাঙুৰ খাই উঠিল স্বয়ং বিজেপি নেতা। টোলগে’টৰ অতপালিত অতিস্থ শাসকীয় পক্ষৰে এজন নেতা। টোলগে’ট জ্বলাই দিয়াৰ ভাবুকি বিজেপি নেতা মনেশ্বৰ বৰাৰ।
টোলগে’ট কৰ্মচাৰীক চৰিওৱাৰো চেষ্টা চলায় বিজেপি নেতাগৰাকীয়ে। ওভটি ধৰিলে গেটৰ কৰ্মচাৰীয়েও। গেট খুলি নিদিয়াৰ বাবে ৰুদ্ৰমুৰ্তি ৰূপ ধাৰণ কৰে বিজেপি নেতাগৰাকীয়ে।
”ইহঁতে ডেইলী জেং লগায় ইয়াত, লোকেল পাছ থাকে আমাৰ, আমাৰ কিমান লোকেল লৰা আছে, ইয়াৰ নিচিনা অসভ্য নহয়, ইয়াত দাদাগিৰি কৰিবলৈ আহিছ? গেট জ্বলাই দিম, চিনি পোৱা নাই?”- অপশব্দৰে টোলগে’টৰ কৰ্মচাৰীক গালি-গালাজ বিজেপি নেতা মনেশ্বৰ বৰাৰ।
অৱশ্যে পিছত আন কৰ্মচাৰীয়ে গেট খুলি দিয়ে বৰাক। ডবকা টোলগে’টত সংঘটিত হৈছে এই ঘটনা ৷
Photo & Input: এবাদুৰ ৰহমান
Discussion about this post