আমীৰ খানৰ ‘ডংগল’ ছবিত ববিতা নামৰ শিশু চৰিত্ৰত অভিনয় কৰি বলিউডত জনপ্ৰিয়তা অৰ্জন কৰা অভিনেত্ৰী সুহানী ভাটনাগৰ আৰু নাই।
মাত্ৰ ১৯ বছৰ বয়সতে এই পৃথিৱীৰ পৰা মেলানি মাগিলে অভিনেত্ৰীগৰাকীয়ে।
জাগৰণত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, মৃত্যুৰ কাৰণ তেওঁৰ শৰীৰত তৰল পদাৰ্থ জমা হোৱা বুলি কোৱা হৈছে। খবৰ অনুসৰি কিছুদিন পূৰ্বে সুহানীয়ে এক দুৰ্ঘটনা সংঘটিত কৰিছিল যাৰ ফলত ভৰিখন ভাঙি গৈছিল। চিকিৎসাৰ সময়ত চিকিৎসকে প্ৰদান কৰা ঔষধ সেৱন কৰাৰ পিছত পাশ্বক্ৰিয়া হৈ লাহে লাহে তেওঁৰ শৰীৰত তৰল পদাৰ্থ জমা হ’বলৈ ধৰিলে। যথেষ্ট দিন ধৰি দিল্লীৰ এইমছ (AIIMS) হাস্পতালত ভৰ্তি হৈ আছিল সুহানী।
বলীউডৰ এগৰাকী সুপৰিচিত শিশু শিল্পী আছিল সুহানী। কেৱল সেয়াই নহয়, কেইটাও বিজ্ঞাপন আৰু ধাৰাবাহিকতো দেখা গৈছিল অভিনেত্ৰীগৰাকীক।
Discussion about this post