অসমৰ যদি কোনোবা এখন সুৰক্ষিত স্থান আছে, সেইখন হ’ল ৰাজধানী চৌহদত থকা বিধায়ক আৱাস। কিন্তু এতিয়া এই সুৰক্ষিত স্থানখনে হৈ পৰিছে অসুৰক্ষিত। বিধায়ক আৱাসত এটাৰ পিছত আনটো চুৰি কাণ্ডৰ ঘটনা সংঘটিত হৈছে।
কিছুদিন পূৰ্বে বিধায়ক মৃণাল শইকীয়াৰ আৱাসৰ পৰা চোৰে চাইকেল চুৰি কৰি নিয়াৰ ঘটনা মাৰ নৌযাওতেই এইবাৰ চোৰৰ চকু পৰিল বিধায়ক সুৰেন ফুকনৰ আৱাসত ৷ কিছুদিন পূৰ্বে বিধায়কগৰাকীয়ে পুত্ৰৰ বাবে ক্ৰয় কৰা চাইকেলখন চোৰে চুৰি কৰি লৈ গ’ল।
উল্লেখ্য বিগত কিছু দিন পূৰ্বে মুকলি হৈছিল দিছপুৰৰ নতুন বিধায়ক আৱাস ৷ নতুন আবাসৰ দ্বিতীয় মহলা ঠিকনা বিধায়ক সুৰেণ ফুকনৰ ৷
উল্লেখযোগ্য বিধানসভাৰ বাজেট অধিবেশন চলি থকাৰ সময়তে দিছপুৰৰ পৰা চুৰি হৈছিল বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ ইন’ভা বাহন।
Photo: Google




























Discussion about this post