অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ধেমাজিৰ নন্দিতা শইকীয়াই। ডিব্ৰুগড়ৰ এখন ব্যক্তিগত হাস্পতালত চিকিত্সাধীন হৈ আছিল ছাত্ৰীগৰাকী।
যোৱা শনিবাৰে ধেমাজিত সংঘটিত হৈছিল এক জঘন্য ঘটনা। ৰাস্তাৰে গৈ থকা দুগৰাকী ছাত্ৰীক দাৰে আক্ৰমণ কৰিছিল এজন যুৱকে।
ধেমাজিৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলাইছিল দুগৰাকী কলেজীয়া ছাত্ৰীক। প্ৰত্যক্ষদৰ্শীৰ মতে ৰাস্তাৰে দুগৰাকী ছাত্ৰী গৈ থকা অৱস্থাত ৰিন্টু শৰ্মা নামৰ যুৱক এজনে ছাত্ৰী দুগৰাকীক মাটিত বগৰাই এখন দাৰে ঘপিয়াই আক্ৰমণ কৰি পলাইছিল।
ধৃত যুৱকজনৰ ঘৰ ধেমাজি মৰিঢলত বুলি জানিব পৰা গৈছিল। ঘটনাৰ দিনাই ৰাইজে খেদি খেদি কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিছিল ৰিণ্টুক। গুৰুতৰভাৱে আহত ছাত্ৰী দুগৰাকীক ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ছাত্ৰী দুগৰাকী ধেমাজিৰ মৰিঢলত কলেজত অধ্যয়নৰত আছিল। আহত হৈছিল নন্দিতা শইকীয়া আৰু কস্মিনা দত্ত। প্রেমজনিত কাৰণতে আক্রমণৰ সন্দেহ প্রকাশ কৰা হৈছিল।
ঘটনাৰ দিনা প্ৰত্যক্ষদৰ্শীৰ ভাষ্য-
অভিযুক্ত পলাতক ৰিণ্টু শৰ্মা-
Photo & Visual: ইছৰাকুল ইছলাম
Discussion about this post