ধিঙত পুনৰ সংঘটিত হৈছে গুলীয়াগুলীৰ ঘটনা। আৰক্ষীৰ এনকাউণ্টাৰত গুৰুতৰভাৱে আঘাতপাপ্ত হ’ল এজন কুখ্যাত অপৰাধী। মঙলবাৰে নিশা ধিং আৰক্ষীয়ে দুৰ্ধৰ্ষ চৰাঞ্চলৰ মাতব্বৰ, ড্ৰাগছ মাফিয়া তথা ভূ-মাফিয়া নুৰ হুছেইনক কৰায়ত্ব কৰিছিল।
ধিং আৰক্ষীয়ে নুৰ হুছেইনক আটক কৰি নিশাই অভিযান চলাইছিল পিষ্টল বিচাৰি আৰু অন্য কেইজনমান অপৰাধীৰ বিৰুদ্ধে। অভিযান সামৰি উভতি আহি থকা সময়তেই এন্ধাৰৰ সুযোগ লৈ কেইজনমান দুবৃৰ্ত্তই হঠাৎ পিষ্টলেৰে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে।
প্ৰত্যুত্তৰত দুৰ্বৃত্তৰ দলটোলৈ লক্ষ্য কৰি আৰক্ষীয়েও গুলীচালনা কৰিবলৈ বাধ্য হয়। দুয়োপক্ষৰ গুলীয়াগুলীৰ মাজতেই গুলীবিদ্ধ হয় আৰক্ষীৰ জিম্মাত থকা নুৰ হুছেইন নামৰ অপৰাধীটো। ভৰিত গুলীবিদ্ধ নুৰ হুছেইনক ধিং আৰক্ষীয়ে ততাতৈয়াকৈ ধিং FRUত ভৰ্তি কৰোৱাই যদিও উন্নত চিকিৎসাৰ বাবে নিশাই নগাঁও ভোগেশ্বৰী ফুকননি অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়।
উল্লেখ্য বিগত ৰবিবাৰে ভূ-মাফিয়া তথা দূৰ্ধৰ্ষ অপৰাধী নুৰ হুছেইনৰ নেতৃতত ২০-২৫ জনীয়া অস্ত্ৰধাৰী দলে একে অঞ্চলৰে উৰজত আলীকে ধৰি ৮জন লোকক আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাত কৰিছিল।
কেৱল এয়াই নহয়, নুৰ হুছেইনে উৰজত আলীয়ে ভৰিত পিষ্টলেৰে গুলিয়াইছিল। এই আক্ৰমণত উৰজত আলীসহ কেইবাজনো বৰ্তমানেও চিকিৎসাধীন অৱস্থাত আছে। ঘটনাৰ বুজ ল’বলৈ সেইদিনাই ঘটনাস্থলীত উপস্থিত হৈছিল নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ।
এই ঘটনাৰ পিছতেই উৰজত আলীৰ পৰিয়ালে ধিং আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ। এই এজাহাৰ ভিত্তিতে তেতিয়াৰ পৰাই নগাঁও আৰক্ষীয়ে নুৰ হুছেইনৰ নেতৃত্বত অহা দুৰ্বৃত্তৰ দলটোক কৰায়ত্ব কৰিবলৈ তীব্ৰ অভিযান অব্যাহত ৰাখিছিল আৰু মঙলবাৰে নিশা কুখ্যাত অপৰাধী নুৰ হুছেইনক কৰায়ত্ত কৰাৰ পিছতেই এই ঘটনা সংঘটিত হয়।
আনহাতে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, নুৰ হুছেইন নামৰ এই দুবৃৰ্ত্তটোৰ পৰিয়ালৰ অত্যাচাৰত বিগত বহু দিনে চৰম নিৰাপত্তাহীনতাত ভুগি আহিছিল অঞ্চলটোৰ জীয়ৰী বোৱাৰীসহ অঞ্চলবাসী।
নুৰ হুছেইনৰ পৰিয়ালটোৰ হাতে হাতে পিষ্টল থকাৰ কথাও সংবাদ মাধ্যমক অৱগত কৰিছিল। নিষিদ্ধ ড্ৰাগছৰ বেহাৰ লগতো দুৰ্ধৰ্ষ নুৰ হুছেইন জড়িত থকা বুলিও অভিযোগ উত্থাপন হৈছে।
Photo & Input: ছাইদুল ইছলাম
Discussion about this post