দৰঙৰ বুঢ়া আৰক্ষী থানাত সংঘটিত হোৱা এক ঘটনাই তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছিল সমগ্র ৰাজ্যেত। ঠিক অনুৰূপ ঘটনা সংঘটিত কৰিছে দৰঙৰ পানবাৰী আৰক্ষী চকীৰ এজন গৃহৰক্ষী জোৱানে।
পৰকীয়া প্ৰেমৰ বাবে আৰক্ষীৰ গাত কালিমা সানিলে আৰক্ষী চকীৰ এজন গৃহৰক্ষী জোৱানে। পৰকীয়া প্ৰেমত পৰি পত্নীক কেনেদৰে নিৰ্যাতন কৰিব পাৰে এজন গৃহৰক্ষী জোৱানে। শুনিলে গাৰ নোম শিয়ৰি উঠিব আপোনাৰ।
অভিযোগ অনুসৰি দৰঙৰ পানবাৰী আৰক্ষী চকীত কৰ্মৰত তুফাজ্জল মণ্ডলে নিজৰ পত্নীক চলাইছে শাৰীৰিক আৰু মানসিক অত্যাচাৰ। পৰকীয়া প্ৰেমৰ বাবেই নিজৰ পত্নীক চাৰিবাৰকৈ কৰালে গৰ্ভপাত।
কেৱল সেয়াই নহয় যৌতুক দাবীৰে পত্নীৰ ওপৰত শাৰীৰিক-মানসিক অত্যাচাৰ কৰি হত্যাৰ চেষ্টা কৰে স্বামীৰ পৰিয়ালে। পৰিয়ালৰ সহযোগত শাৰিৰীক অত্যাচাৰ কৰাৰ লগতে গুপ্তাংগত আঘাত কৰে লম্পট গৃহৰক্ষী জোৱানজনে।
ঘটনা সন্দৰ্ভত ধূলা আৰক্ষী থানাত 265/21 U/S 498/(A) 312/325/307/34IPC ধাৰাত গোচৰ ৰুজু হয় যদিও ন্যায় নোপোৱাৰ অভিযোগ দুৰ্ভগীয়া পত্নীৰ।
নাৰীৰ সুৰক্ষাৰ বাবে চৰকাৰে ঢাক-ঢোল বজালেও, ন্যায় বিচাৰি দৰং আৰক্ষীৰ দুৱাৰে দুৱাৰে ঘূৰিছে দুৰ্ভাগীয় পত্নীয়ে। তুফাজ্জল মণ্ডল গৃহৰক্ষী জোৱান হোৱা হেতুকে ন্যায়ৰ পৰা বঞ্চিত হ’ব নেকি দুৰ্ভগীয়া পত্নীয়ে?
Photo & Input: নুৰজামাল হক
Discussion about this post