তালিবান(Taliban)ক সমৰ্থন কৰি কেইবাজনো অসমীয়া লোকক আটক কৰে আৰক্ষীয়ে। ধৃত লোককেইজনৰ ভিতৰত এজন ছাত্ৰ আৰু ৩জন মৌলানা। আজি অসম আৰক্ষীয়ে সংবাদমেলযোগে এই কথা সদৰি কৰে।
আৰক্ষীয়ে জনোৱা অনুসৰি বৰ্তমানলৈ ৰাজ্যত তালিবানক সমৰ্থন কৰি আটক হৈছে ১৪ গৰাকী অসমৰ লোক।
তালিবানক সমৰ্থন কৰি দৰঙত গেপ্তাৰ হৈছে তালিকাৰ প্ৰথম স্থান লাভ কৰা মৌলানা ফজলুল কৰিম কাছিমি। কাছিমিয়ে সামাজিক মাধ্যমযোগে তালিবানৰ বিষয় সমূহ প্ৰচাৰ কৰাৰ লগতে সমৰ্থন কৰাৰ অভিযোগ।
জমিয়টত অসমৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদকৰ লগতে AIUDFৰ সম্পাদকৰ দায়িত্বত আছিল মৌলানা ফজলুল হক কাছিমি।
ধৃত লোককেইজনৰ নাম আৰু জিলাৰ নাম ক্ৰমে-
১. মৌলানা ফজুল কৰিম(দৰং)
২. আবু বক্কৰ ছিদ্দিক(কামৰূপ- গ্ৰাম্য)
৩. ছৈদুল হক(কামৰূপ- গ্ৰাম্য)
৪. জাৱেদ মজুমদাৰ(কাছাৰ)
৫. মজিদুল ইছলাম(বৰপেটা)
৬. ফাৰুক হুছেইন খান(বৰপেটা)
৭. ছৈয়দ আহমেদ(ধুবুৰী)
৮. অৰমান হুছেইন(ধুবুৰী)
৯. নদিম আখটাৰ(হাইলাকান্দি)
১০. খণ্ডকাৰ নুৰ আলম(দক্ষিণ শালমৰা)
১১. মৌলানা য়ছিন খান(গোৱালপাৰা)
১২. মৌলানা বছিৰুদ্দিন লস্কৰ(হোজাই)
১৩. মুজিব উদ্দিন(কৰিমগঞ্জ)
১৪. মুৰতোজা হুছেইন খান (কৰিমগঞ্জ)
Photo: Khatang Khobor
Discussion about this post