ৰাজ্যত ক’ৰোনাসৃষ্ট পৰিৱেশে বহুলোকৰ জীৱন আৰু জীৱিকাত ব্যাপক প্ৰভাৱ পেলোৱাৰ সময়তে ব্ৰইলাৰ ফাৰ্ম খোলা আৰু ব্ৰইলাৰ মাংস কাটি বিক্ৰী কৰাৰ অপৰাধত নাৰায়ণপুৰত পুনৰ তিনিটা পৰিয়াল বহিস্কৃত হ’বলগীয়া হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
এক শৰণ ভাগৱতী সমাজৰ নাৰায়ণপুৰৰ শেনচোৱা(ক) শাখাৰ দুটা পৰিয়ালক এগৰাকী যুৱতী আৰু যুৱকে ‘ব্ৰইলাৰ ফাৰ্ম’ খোলাৰ অপৰাধত আৰু অন্য এটি পৰিয়ালক পুত্ৰই ব্ৰইলাৰ মাংস কাটি বিক্ৰী কৰাৰ অপৰাধত প্ৰাথমিকৰ পৰাই বহিস্কাৰ কৰা হৈছে।
প্ৰাথমিকটোৰ অন্তৰ্গত পূৰ্ণেশ্বৰ দাস, জুনু বৰা আৰু গোবিন দাসৰ পৰিয়ালক এখন পত্ৰযোগে বহিস্কাৰ তথা সমাজৰ পৰা এঘৰীয়া কৰে ৷ প্ৰাথমিকটোৰ সভাপতি মদন দাস আৰু সম্পাদক হৰি বৰা স্বাক্ষৰত প্ৰেৰণ কৰা পত্ৰত উল্লেখ থকা অনুসৰি সমাজৰ সাংগঠনিক দিশৰ ওপৰত লক্ষ্য ৰাখি সমাজৰ নীতি উলংঘা কৰাৰ অপৰাধত প্ৰাথমিকৰ সভাত লোৱা সিদ্ধান্তমৰ্মে পৰিয়াল তিনিটাক এঘৰীয়া কৰা হয় ৷
উল্লেখ্য, ব্ৰইলাৰ ফাৰ্ম খুলি আৰু মাংস কাটি বিক্ৰী কৰি নিজে স্বাৱলম্বী হৈ পৰিয়াল-পোহপাল দিয়াৰ লগতে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰাৰ সময়তে এক শৰণ ভাগৱতী সমাজৰ পৰা বহিস্কাৰ কৰা ঘটনাই পৰিয়ালকেইটাৰ মাজত হতাশাৰ সৃষ্টি কৰাৰ লগতে দিশহাৰা কৰি তুলিছে ৷
ইফালে ধৰ্মৰ নামত স্বাৱলম্বিতাৰ পথত উক্ত প্ৰাথমিকটোৱে বাধা দিয়া কাৰ্যক সচেতন মহল চিন্তিত হৈ পৰিছে ৷ উৰ্ধতম কৰ্তৃপক্ষই ইয়াৰ পিছত কি সিদ্ধান্ত লয় সেয়াহে লক্ষনীয় হ’ব?
Photo & Input: ইছৰাকুল ইছলাম
Discussion about this post