কেৰিবিয়ান দেশ হাইতি (Haiti)ত হোৱা এক প্ৰচণ্ড ভূমিকম্পত এতিয়ালৈকে ৩০০ ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। প্ৰায় ২০০০ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।
এই ভূমিকম্পৰ প্ৰাৱল্য ৰিখটাৰ স্কেলত ৭.২। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ অনুসৰি, ভূমিকম্পৰ অভিকেন্দ্ৰ ৰাজধানী পোৰ্ট-এ-প্ৰিন্সৰ পৰা প্ৰায় ১৫০ কিলোমিটাৰ পশ্চিমে আছিল, পেটিট ট্ৰু ডি নিপ্পচ চহৰৰ পৰা ৮ কিলোমিটাৰ দূৰত্বত ১০ কিলোমিটাৰ গভীৰতাত আছিল।

জৰুৰীকালীন অৱস্থা ঘোষণা
ভূমিকম্পৰ ফলত লোকসকল ৰাজপথলৈ ওলাই আহিছিল যিসকলে ঘৰত আৱদ্ধ হৈ থকা, হোটেলত আৱদ্ধ হৈ থকা আৰু অন্য অট্টালিকাসমূহৰ ধ্বংসাৱশেষত সোমাই থকা লোকসকলক ৰক্ষা কৰিবলৈ প্ৰশাসন আৰু উদ্ধাৰকাৰী দল সহায় কৰে।
প্ৰধানমন্ত্ৰীয়ে দুৰ্যোগটোৰ বাবে এমাহজোৰা জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে ৷ শনিবাৰৰ ভূমিকম্পত কেইবাখনো চহৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ যায়। ইফালে ভূমিস্খলনৰ ফলত উদ্ধাৰ অভিযান প্ৰভাৱিত হৈছিল।
Photo: PTI





























Discussion about this post