অসম-মিজোৰাম সীমান্তৰ সংঘাতপূৰ্ণ পৰিস্থিতি কিছু পৰিমাণে স্বাভাৱিক হওতেই শুকুৰবাৰে নিশা মিজো দুৰ্বৃত্তই সংঘটিত কৰিলে আকৌ এটা আক্ৰমণৰ ঘটনা।
এইবাৰ অসমৰ এখন বিদ্যালয়লৈ গ্ৰেনেড নিক্ষেপ কৰিলে মিজো দুৰ্বত্তই।
ঘটনা হাইলাকান্দিৰ। হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তৰ কচুৰতল অঞ্চলৰ সাহেবমাৰা নিম্ন প্ৰাথমিক বিদ্যালয়খনলৈ লক্ষ্য কৰি শুকুৰবাৰে নিশা গ্ৰেনেড নিক্ষেপ কৰে একাংশ মিজো দুৰ্বৃত্তই। গ্ৰেনেড আক্ৰমণৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হয় বিদ্যালয়খনৰ। নিশা প্ৰায় ১১-৩০ বজাত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা।
ঘটনাটোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে, সম্পূৰ্ণ শান্তি ঘুৰি আহিবলৈ সময় লাগিব।দুই এটা বিক্ষিপ্ত ঘটনা ঘটিবই। পৰিস্থিতি এতিয়াও সম্পূৰ্ণ শান্ত হোৱা নাই।এনেধৰণৰ ঘটনা দুই এটা ঘটিব বুলি চোৰাং চোৱাই আমাক জনাই থৈছে।
শুকুৰবাৰৰ নিশাৰ গ্ৰেনেড নিক্ষেপৰ ঘটনাৰ তদন্তৰ বাবে মই মিজোৰামৰ মুখ্যমন্ত্ৰীলৈ লিখিম। সাংবাদিকক ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সমান্তৰালভাৱে অসমৰ ভুমিত হোৱা ঘটনাৰ তদন্ত অসম আৰক্ষীয়ে কৰিব।
Discussion about this post