বিধানসভাত গৃহীত হ’ল গো-সুৰক্ষা বিধেয়ক। এই প্ৰসংগক লৈ সদনত বহু সময় ধৰি চলিছিল আলোচনা। অৱশেষত বিধেয়কখন পাৰিত কৰিলে বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে।
এতিয়াৰে অসমত গো হত্যা কৰিব নোৱাৰিব। গো ভক্ষণ কৰিব নোৱাৰিব লগতে বিক্ৰীও কৰিব নোৱাৰিব। অসমৰ মাজেৰে নচলিব গৰুৰ অবৈধ সৰবৰাহ। মঠ-মন্দিৰৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধত নিষিদ্ধ গো মাংস। হিন্দু অধ্যুষিত অঞ্চলত খাব নোৱাৰিব গো মাংস।
বিৰোধীৰ ছিলেক কমিটিলৈ পঠোৱাৰ দাবী নামানিলে চৰকাৰে। প্ৰতিবাদ কৰি সদন ত্যাগ বিৰোধী কংগ্ৰেছ আৰু AIUDFৰ।
আজি সদনৰ অন্তিম কাৰ্যক্ৰমণিকাত অসম পশুধন সুৰক্ষা বিধেয়ক, ২০২১ (The Assam Cattle Preservation Bill, 2021) সদনত গৃহীত কৰিবলৈ প্ৰস্তাৱ কৰিছে মুখ্যমন্ত্ৰীয়ে ৷
Photo: Khatang Khobor
Discussion about this post