মাটি উচ্ছেদৰ বাবে প্ৰশাসনে খুঁটা পোতাক লৈ ৩০০ টাকৈ পৰিয়ালৰ লোকৰ মাজত উত্তাল প্ৰতিবাদৰ সৃষ্টি কৰি আকাশ বতাহ কঁপাই তোলে।
ধুবুৰীৰ গৌৰীপুৰৰ আলমগঞ্জ নৱম খণ্ডৰ হাজাৰী ঝৰ্ণা গাঁৱৰ বাসিন্দাৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজৰ স্পষ্ট কথা হয় আমাক মাটিৰ পট্টা দিয়ক নহয় গুলীয়াই মাৰক। আমাক গুলীয়াই মাৰি যাওক এয়া গাঁওবাসীৰ কথা।
ধুবুৰী জিলাৰ আলমগঞ্জ নৱম খণ্ড গাঁৱৰ ৰাইজে উচ্ছেদৰ ভয়ত ভাত-পানী এৰি ওলাই আহিল ৰাজপথত, হয় আমাক পুনৰ সংস্থাপন দিয়ক নহ’লে গুলিয়াই মাৰক, আমি ক’লৈ যাম। এইদৰেই কান্দোনত ভাঙি পৰিছে গাঁৱৰ ৰাইজে।
উল্লেখ্য ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াত সৰ্বস্ত হেৰুৱাই দক্ষিণ শালমাৰা আৰু জলেশ্বৰ সমষ্টিৰ প্ৰায় ৩০০টা পৰিয়ালে চৰকাৰী পতিত মাটিত আশ্ৰয় গ্ৰহণ কৰি বিগত ১৯৬৫ চনৰ পৰা বসবাস কৰি আহিছে স্থানীয় গাঁওখনত।
ভূমিডোখৰ আছিল আলমগঞ্জ ৰঙামাটি কো অ’পাৰেটিভ ছচাইটি নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ। পিছত ১৯৯৮ চনত অসম আৰক্ষীৰ ২০ নম্বৰ বেটেলিয়নক হস্তান্তৰ কৰিছিল ছচাইটিটোৱে।
কিন্তু ইমান পৰিয়াল উচ্ছেদ কৰিব লগা হোৱা বাবে আৰক্ষীৰ ২০ আৰ বেটেলিয়নে বেলেগ ঠাইত স্থাপন কৰে বেটেলিয়নৰ মুখ্য কাৰ্যালয়টো।
আনহাতে ১৯৯১ চনৰ জৰীপৰ ভূমি আইনমতে চিটা কপিৰ অন্তৰ্ভুক্ত এই সকল পৰিয়ালে ভূমি দখলৰ বাবে খাজনা দি আহিছে।
২০০৭-২০০৮ চনত ধুবুৰী জিলা ভূমিৰ উপদেষ্টা কমিটিয়ে উচ্ছেদৰ পূৰ্বে সমূহ পৰিয়ালক পুনৰ সংস্থাপন দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল।
আনহাতে গাঁওখনৰ বাসিন্দাসকলে ২০২০ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত ভূমি অধিকাৰ আইনৰ অধীনত ভূমিহীন লোকক মাটি আৱণ্টন দিয়াৰ বাবে এখন আবেদন দাখিল কৰিছে।
আদালতত গোচৰ চলি থকা সময়তে জিলা প্ৰশাসনে আলমগঞ্জ নৱম খণ্ডৰ ২৫০ বিঘা মাটি সীমান্ত নিৰাপত্তা বাহিনীক হস্তান্তৰ কৰি উচ্ছেদৰ প্ৰস্তুতি চলাইছে।
জিলা প্ৰশাসনৰ সহযোগত সীমান্ত নিৰাপত্তা বাহিনীক ২৫০ বিঘা ভূমিৰ চৌদিশে খুটি পুতি অহা ১৭ আগষ্টৰ ভিতৰত ঘৰ-বাৰী স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিয়াত ভাত-পানী ধৰ্ণা কাৰ্যসূচী হাতত লৈছে গাঁওবাসীয়ে।
মুখ্যমন্ত্রীলৈ কাতৰ অনুৰোধ গাঁওবাসীৰ। পুনৰ বিবেচনা কৰি মাটিৰ পট্টা প্ৰদান কৰিবলৈ অনুৰোধ জনাই গাঁওবাসীয়ে।
Photo & Input: কৰুণা মহন্ত
Discussion about this post