অৱশেষত হেৰুওৱা চাইকেল ওভতাই পালে বিধায়ক মৃণাল শইকীয়াই। বিধায়ক আৱাসৰ পৰা চোৰে চুৰি কৰি নিছিল বিধায়কগৰাকীৰ চাইকেলখন। চাইকেলখন হেৰুওৱাৰ পিছতে ফেচবুকত পোষ্ট দিছিল মৃণাল শইকীয়াই। তেওঁ ছচিয়েল মিডিয়াত কৈছিল যে- ‘গুৱাহাটী #চৰকাৰী_আৱাসগৃহৰ পাৰ্কিঙৰ পৰা মোৰ #চাইকেল খন কোনো লোকে লৈ গৈছে। মই ইতিমধ্যে চিচিটিভি কেমেৰাৰ জৰিয়তে অনুসন্ধান চলাই আছোঁ আৰু সমগ্ৰ ঘটনা সম্পৰ্কত অধ্যক্ষ সচিবলৈ এক পত্ৰ প্ৰেৰণ কৰিছোঁ । সেয়েহে জনাওঁ যে, সোনকালে যাতে চাইকেল খন আগৰ স্থানত থৈ যায়হি।’
https://www.facebook.com/MS4ASSAM/posts/2585095125131101
এই ফেচবুক পোষ্টৰ পিছতে পূৰ্বৰ স্থানতে চুৰি হোৱা চাইকেলখন থৈ যায়। হেৰুওৱা চাইকেলখন ঘূৰাই পায় তেওঁ পুনৰ ফেচবুকত পোষ্ট কৰিলে। তেওঁ লিখিলে যে- এটা ফেচবুক প’ষ্টত কালি মই আহ্বান জনোৱা মৰ্মে মোৰ হেৰোৱা #চাইকেল খন কোনো লোকে পূৰ্বৰ স্থানতে থৈ যায়হি । প্ৰথমে সেই লোক জনক বহুত ধন্যবাদ জনাইছোঁ আৰু তেখেতক কওঁ যে, আপুনি যদি বহুত অভাৱৰ বাবে এই কৰ্ম কৰিছিল তেনে মোৰ পৰা অকণমান সহায় আহি লৈ যাওক, মই যি পাৰোঁ সহায় কৰিম ।
মোৰ চাইকেল খন ঘুৰাই পোৱাৰ কামনাৰে বহু জনে ফেচবুক প’ষ্টত কমেণ্ট চেয়াৰ কৰিছিল , সেইসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
তেওঁ লগতে কয় যে চাইকেলখন চুৰি কৰাৰ কাৰণ যদি অভাৱ তেন্তে মোৰ পৰা অকণমান সহায় আহি লৈ যাওক, মই যি পাৰোঁ সহায় কৰিম।
Photo: Facebook
Discussion about this post