ইৰাকৰ নিনেৱে’ (Nineveh) প্ৰদেশৰ কাৰাকোছৰ এখন খ্ৰীষ্টান বিয়াত এই অঘটনটো সংঘটিত হয়।
অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত কমেও ১১৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৫০ ৰো অধিক লোক আহত হৈছে।
আতচবাজী জ্বলোৱাৰ পিছতে এই জুই আৰম্ভ হোৱা বুলি ধাৰণা কৰা হৈছে।
প্ৰত্যক্ষদৰ্শী আৰু অসামৰিক প্ৰতিৰক্ষা বিষয়াই জনোৱা মতে, দৰা-কইনা নাচি থকাৰ সময়তে আতচবাজীৰ ফলত জুইৰ সূত্ৰপাত ঘটে, যাৰ ফলত চালখন যথেষ্ট জ্বলি গৈছিল আৰু অভ্যাগত সকলৰ ওপৰত ভাঙি পৰিছিল ।
তেওঁলোকে লগতে কয় যে হলটো ঢাকি ৰখা অতি জ্বলনশীল ধাতু আৰু প্লাষ্টিকৰ কম্পোজিট পেনেলে জুইত ইন্ধন যোগাইছিল।
বিধ্বংসী অগ্নিকাণ্ড যেতিয়া সংঘটিত হয়, সেই সময়ত বিবাহ ভৱনটোত প্ৰায় ১০০০ অভ্যাগত সমবেত আছিল।
নিৰাপত্তা বাহিনীয়ে আতচবাজীৰ সৈতে জড়িত ১০ জন কৰ্মচাৰী, ইয়াৰ মালিক আৰু তিনিজন লোকক গ্ৰেপ্তাৰ কৰে।
বিয়লি আল-হামদানিয়া আৰু বাখদিদা নামেৰে পৰিচিত এটা কবৰস্থানত শতাধিক শোকসন্তপ্ত লোকে ৪০ জনতকৈ অধিক লোকৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে। কোনো কোনোৱে নিজৰ মৃত আপোনজনৰ প্ৰতিকৃতি কঢ়িয়াই লৈ ফুৰিছিল।
প্ৰত্যক্ষদৰ্শী ঊনৈশ বছৰীয়া গালি নাছিম অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত আল হাইথামৰ (al-Haitham banquet hall) ভোজগৃহৰ পৰা মাত্ৰ কেইমিটাৰমান দূৰত আছিল।
তেওঁ কয় যে “মাত্ৰ পাঁচ মিনিটতে সমগ্ৰ ঠাইখন ধ্বংস হৈ গ’ল”।
“উষ্ণতা আছিল অসহ্যকৰ । চৰম গৰমৰ বৰ্ণনা মই কৰিব নোৱাৰো।”
Discussion about this post