মহাৰাষ্ট্ৰ (Maharashtra)ৰ অমৰাৱতী (Amravati) জিলাত নিযুক্ত এজন আৰক্ষী কনিষ্টবলক নিলম্বন কৰা হৈছে (Cop Suspends After Viral Video) কাৰণ তেওঁৰ সিংঘামৰ অভিনয় কৰা এটা ভিডিঅ’ (Cop Acts As Singham) দ্ৰুতগতিত ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে। ভিডিঅ’টোত কনিষ্টবলজনে আৰক্ষীৰ পোছাক পৰিধান কৰি আছে আৰু হাতত লৈ আছে বন্দুক।
ভিডিঅ’টোত কনিষ্টবলজনে কি কৈছিল?
আৰক্ষী বিষয়াসকলে কৈছে যে, কনিষ্টবল মহেশৰ কাৰ্যকলাপে বিভাগটোৰ ভাবমূৰ্তি ক্ষতিগ্ৰস্ত কৰিছে। ভাইৰেল ভিডিঅ’টোত কনিষ্টবলজনে বন্দুকটো দেখুৱাই থকা দেখা গৈছে। কনিষ্টবলজনে ভিডিঅ’টোত কৈছে যে, যিসকলে আইন অনুসৰণ কৰে, তেওঁলোকৰ লাভ হ’ব।
SP Amravati suspended constable Mahesh Kale, attached to Chandur Bazar police station, for filming own video with a service revolver and posting on social media .#Nagpur #Amaravati #Maharashtra #MaharashtraPolice pic.twitter.com/V8yDGine6x
— Shashwat Sakhare (@shashwat_fact) August 4, 2021
অভিযুক্ত কনিষ্টবলজনক ইয়াত নিযুক্তি দিয়া হৈছিল
আপোনালোকৰ জ্ঞাতাৰ্থে ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত নিলম্বন কৰা কনিষ্টবলজনৰ নাম মহেশ মুৰলীশৰ কালে (Mahesh Muralishar Kale)। কনিষ্টবল মহেশক অমৰাৱতী জিলাৰ চান্দুৰ বজাৰ আৰক্ষী চকীত নিযুক্তি আছিল।
আৰক্ষী বিষয়াসকলে ভিডিঅ’ৰ ওপৰত গুৰুত্ব আৰোপ কৰে
উল্লেখ্য কনিষ্টবল মহেশৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰি কনিষ্টবলজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে ৷ কনিষ্টবলজনক মঙলবাৰে নিলম্বন কৰা হয় ৷
অমৰাৱতী গ্ৰাম্য এছ পি হৰি বালাজীয়ে কৈছিল যে, কনিষ্টবল মহেশে ভিডিঅ’টোত চলচ্চিত্ৰ শৈলীত বন্দুকটো লৰাইছিল। ভিডিঅ’টোত, তেওঁ অস্ত্ৰ-শস্ত্ৰৰ প্ৰচাৰ কৰি আছিল, সেয়েহে তেওঁক নিলম্বিত কৰা হৈছে।
আৰু পঢ়ক: https://khatangkhobor.com/news/assam/thief-theft-for-drugs-at-dhing-in-assam/1668/
Photo:
Discussion about this post