অসম ৰাজ্যিক সাংবাদিক সন্থা নগাঁও জিলা সমিতিৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিৱেশন খনি অহা ১৭ ছেপ্টেম্বৰত নগাঁও চহৰৰ ফৌজদাৰীপট্টিৰ ড°সৰ্বপল্লী ৰাধাকৃষ্ণণ চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব।
এই অধিৱেশনতেই সুদীৰ্ঘ কাল সাংবাদিকতাৰে জড়িত হৈ সামাজিক দায়বদ্ধতাতে সংবাদসেৱা আগবঢ়াই অহা কৰ্মৰ স্বীকৃতি স্বৰূপে অসম ৰাজ্যিক সাংবাদিক সন্থাই ২০২২-২০২৩ বৰ্ষৰ নগাঁও জিলা “সংবাদ ৰত্ন বঁটা” দৈনিক অগ্ৰদূত কাকতৰ জ্যেষ্ঠ সাংবাদিক হেমেন কুমাৰ দাসক প্ৰদান কৰিব বুলি জিলা সমিতিৰ সভাপতি ইন্দ্ৰেশ্বৰ নাথ আৰু সম্পাদক তৰুণ বৰাই জনাইছে।
Discussion about this post