ধুমুহা ডেনিয়েলে (Storm Daniel) লিবিয়া (Libya) চহৰৰ এক চতুৰ্থাংশ ধ্বংস কৰি পেলাইছে, হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে !!!
এক শিহৰণকাৰী প্ৰাকৃতিক দুৰ্যোগে ধ্বংসৰ গৰাহলৈ ঠেলিছে উত্তৰ আফ্ৰিকাক। প্ৰলয়ংকাৰী বানৰ কবলত পৰিছে উত্তৰ আফ্ৰিকাৰ অন্যতম প্ৰধান চহৰ লিবিয়া। চহৰখনত সাগৰৰ উপকূলীয় অঞ্চলৰ পৰা হঠাৎ হোৱা বতাহ-ধুমুহাৰ পাছত সৃষ্টি হয় প্ৰলয়ংকাৰী বান। যি বানে চহৰখনত এক অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ কৰিছে। উল্লেখ্য যে, চহৰখনৰ ডেনিয়েল নামৰ ঠাইত ইয়াৰ সৰ্বাত্মক প্ৰভাৱ পৰে।
এই ধুমুহা-বতাহত চহৰখনৰ বাট-পথ, ঘৰ-দুৱাৰ চূৰ্ণ-বিচূৰ্ণ হোৱাৰ সমান্তৰালভাবে এই পৰ্যন্ত প্ৰায় ১০,০০০ লোক নিৰুদ্দেশ হোৱাৰ বাতৰি প্ৰকাশ পাইছে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত।
ডেৰ্নাৰ এগৰাকী জ্যেষ্ঠ চিকিৎসকে ৰয়টাৰ্ছক জনোৱা মতে, ২০০০ৰো অধিক লোকৰ মৃত্যু হৈছে, আনহাতে স্থানীয় টেলিভিছনৰ বাতৰি মতে লিবিয়াৰ বিষয়াসকলে ৫ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ অনুমান কৰিছে।
প্ৰশাসনৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হিচেম আবু চকিউয়াটে ডেৰ্না ভ্ৰমণ কৰাৰ কিছু সময়ৰ পিছতে ফোনযোগে ৰয়টাৰক কয় যে, ‘সকলোতে মৃতদেহ পৰি আছে – সাগৰত, উপত্যকাত, অট্টালিকাৰ তলত (“Bodies are lying everywhere – in the sea, in the valleys, under the buildings,”)
Discussion about this post