পৰম্পৰাগত সাজত নগাঁৱত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু
নগাঁৱত সোমবাৰে লোকসভা নিৰ্বাচনৰ পূৰ্বে নগাঁও লোকসভা সমষ্টিৰ দলীয় কৰ্মী, ৰাইজ, কৃষক আদি বিভিন্ন শ্ৰেণীৰ লোকৰ সৈতে মত বিনিময় কৰিবলৈ উপস্থিত হয় কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী কিৰেন ৰিজিজু।
কেন্দ্ৰীয় মন্ত্ৰীজনে ভাদ মাহ উপলক্ষে নামঘৰত উপস্থিত হৈ আৰ্শীবাদ গ্ৰহণ কৰে ৷ কলংপাৰ হালোৱাগাঁও নামঘৰত ভকত-গোপিনীৰে মত বিনিময়ও কৰে তেওঁ ৷ একেদৰে ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ মন্ত্ৰীজনে শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰীৰে মত বিনিময় কৰে ৷ নগাঁৱত উপস্থিত হৈ সংবাদ মাধ্যমৰ সন্মুখত দলীয় কৰ্মী, ৰাইজ, বুদ্ধিজীৱীৰ সৈতে মত বিনিময় কৰাৰ কথা উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুয়ে।
শ্ৰমিক শ্রেণীৰ লোকৰ সৈতেও মত বিনিময় কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ইপিনে এক দেশ এক নিৰ্বাচন সন্দৰ্ভতো মন্তব্য কৰে তেওঁ। সংসদত আইন প্ৰণয়ন এটা পদ্ধতিৰ মাজেৰে হে হয়, সেয়ে এই ক্ষেত্ৰত কোনো মন্তব্য কৰাটো উচিত নহয় বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুয়ে।
Discussion about this post