১১৮ বছৰীয়া কাজিৰঙাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সঞ্চালকৰ দায়িত্ব ল’লে এগৰাকী মহিলাই। উত্তৰাখণ্ডৰ মহিলা IFS সোণালী ঘোষে নেতৃৃত্ব বহন কৰিব কাজিৰঙাৰ। ২০০২ চনত কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলতেই আৰম্ভ হৈছিল সোণালী ঘোষৰ চাকৰি জীৱন।
এশিঙীয়া গঁড়ৰ বাবে বিশ্বখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।কাজিৰঙা কেৱল অসমৰেই নহয় সমগ্ৰ দেশৰেই গৌৰৱ।
এইখন কাজিৰঙাৰে ক্ষেত্ৰ সঞ্চালকৰ দায়িত্ব প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰিলে এগৰাকী মহিলা বন বিষয়াই। উল্লেখ্যে যে আজিৰ কাজিৰঙা কাজিৰঙা হিচাপে উজ্জ্বলি উঠাত মহিলাৰ আছে বিশেষ ভূমিকা। এক কাহিনী অনুসৰি কাজিৰঙা নামৰ আৰম্ভণি হৈছিল কাৰ্বি জনগোষ্ঠীৰ মহিলা কাজিৰ ৰংহাংপিৰ নামেৰে। আনহাতে কাজিৰঙাত প্ৰথম গঁড় দেখাৰ সৌভাগ্য হৈছিল লেডী কাৰ্জনৰ।
১৯০৫ চনত কাজিৰঙাক প্ৰস্তাৱিত সংৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰা হয়।
তেওঁ (IFS Dr. Sonali Ghosh) কয় কাজিৰঙাত বনকৰ্মীৰ জীৱন প্ৰত্যাহবানমূলক। পূৰ্বে মানস ৰাষ্ট্ৰীয় উদ্যানত ডেপ্যুটি ডাইৰেক্টৰ হিচাপে কৰ্মৰত আছিল সোণালী ঘোষ। ইণ্ডো-ভূটান লেণ্ডস্কেপৰ বাঘ সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিত দেখুৱাইছিল সোণালী ঘোষে।
সোণালী ঘোষৰ আগমনে কাজিৰঙালৈ নতুনত্ব আনিব বুলি বুলি কয় টুৰিষ্ট গাইড তথা পৰ্যটন উদ্যোগী বিতুপন কলঙে। উল্লেখ্যে যে কাজিৰঙাৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাত যথেষ্ট অৰিহণা আছে মহিলা বন বিষয়া, বনকৰ্মীৰ।কাজিৰঙাত বিশেষ গঁড় সুৰক্ষা বাহিনী, প্ৰথম বনপালকৰ লগতে বহু শাখাত কৰ্মৰত হৈ আছে যুৱতী-মহিলাসকল। প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা সঞ্চালক হিচাপে দায়িত্ব গ্ৰহণ কৰাত সেয়েহে সকলো এতিয়া আনন্দিত হৈ পৰিছে।
Discussion about this post