আজি মুকলি কৰা হ’ব মালিগাঁও উৰণীয়া সেতু…
আজি ৩০ আগষ্ট ৰাখী পূৰ্ণিমাৰ সন্ধিয়া ৪.৩০ বজাত মুকলি কৰা হ’ব মালিগাঁও উৰণীয়া সেতু।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব সেতুখন।
মালিগাঁৱৰ উৰণীয়া সেতুৰ কাম যোৱা ২ বছৰ ৪ মাহ ধৰি চলি আছিল। এই সেতুখনৰ দৈৰ্ঘ ২.৬ কিলোমিটাৰৰ। সেতুখন ৰামধেনু আকৃতিৰ নিৰ্মাণ কৰা হৈছে। সেতুখনত থাকিব তিনিআলি জংচনত পৃথিৱীৰ গ্লৱ। উৰণীয়া সেতুৰ লেণ্ডিং পইণ্ট দুটা গতিৰোধক থাকিব।
সেতুখনৰ তলৰ খুঁটাসমূহত অসমৰ সাজ-পোছাক, বাদ্যযন্ত্র, অৰণ্যৰ দৃশ্য অংকন কৰা হৈছে। সেতুখনৰ চাৰিওফালে অসমৰ সমাজ জীৱনক প্ৰতিনিধিত্ব কৰা বিভিন্ন ছবি অংকন কৰা হৈছে।
Discussion about this post