ইছৰোৱে (ISRO) চন্দ্ৰলৈ প্ৰেৰণ কৰা চন্দ্ৰযান-৩ আজি চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব। এই চন্দ্ৰযান-৩ ইতিমধ্যে চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত উপনীত হৈছে। কিছু সময়ৰ পাছতে আজি সন্ধিয়াৰ ৬ বাজি ০৪ মিনিটত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব লেণ্ডাৰ বিক্ৰমে। এয়া হব জোনবাইৰ দক্ষিণ মেৰুত কোনো দেশৰ সফল অৱতৰণৰ নতুন ইতিহাস।
লেণ্ডাৰ বিক্ৰমৰ ছফ্ ট লেণ্ডিং সম্পন্ন হোৱাৰ পিচতে ১৪০ কোটি ভাৰতীয়ৰ লগতে সমগ্ৰ বিশ্ববাসীক বিমুগ্ধ কৰি লেণ্ডাৰ বিক্ৰমে কঢ়িয়াই নিয়া ৰবট ৰ’ভাৰ প্ৰজ্ঞান জোনবাইৰ বুকুলৈ লাহে লাহে আগবাঢ়িব আৰু আৰম্ভ কৰিব অভিযান।
চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ পিছত পৃথিৱীৰ সময় অনুসৰি আগন্তুক ১৪ দিনৰ বাবে বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলাব ৰ’ভাৰ প্ৰজ্ঞানে । জোনবাইৰ দক্ষিণ মেৰুত পানীৰ সন্ধান কৰাৰ লগতে তাৰ গেছীয় পৰিৱেশ আৰু গহ্বৰবোৰৰো পৰীক্ষা কৰিব প্ৰজ্ঞানে।
ৰ’ভাৰ প্ৰজ্ঞানে জোনবাইৰ পৰা আনিবলগীয়া উপাদানসমূহো হব অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কয় ভাৰতীয় মূলৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে।
ইফালে ৰোভাৰ প্ৰজ্ঞানক চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ দৃশ্য ইছৰোৱে লাইভ ষ্ট্ৰিমিং কৰিব। সেয়ে এই মহেন্দ্ৰ ক্ষণৰ সাক্ষী হ’বলৈ অসমৰ শিক্ষানুষ্ঠানসমূহ সন্ধিয়া ৬ বজালৈ খোলা ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।
Discussion about this post