১৯ আগষ্টক বিশ্ব ফটোগ্ৰাফী দিৱস হিচাপে পালন কৰা হয়।
বিশ্ব ফটো দিৱসৰ উৎপত্তি হৈছে ১৮৩৭ চনত ফৰাচী লুই ডাগুৱেৰ আৰু জোচেফ নাইচেফ’ৰ নিপচে বিকশিত কৰা ফটোগ্ৰাফিক প্ৰক্ৰিয়া ডাগুৱেৰ’টাইপৰ (Daguerreotype) আৱিষ্কাৰৰ পৰা।
১৮৩৯ চনৰ ৯ জানুৱাৰীত ফ্ৰান্সৰ বিজ্ঞান একাডেমীয়ে ডাগুৱেৰ’টাইপ প্ৰক্ৰিয়াৰ কথা ঘোষণা কৰে। ১৯ আগষ্টত ফ্ৰান্স চৰকাৰে পেটেণ্ট ক্ৰয় কৰি এই উদ্ভাৱনক
“free to the world”. উপহাৰ হিচাপে ঘোষণা কৰে।
ডাগুৱেৰ’টাইপ প্ৰথম স্থায়ী ফটোগ্ৰাফিক ছবি নাছিল। ১৮২৬ চনত নিপচে (Niepce) হেলিঅ’গ্ৰাফী নামৰ প্ৰক্ৰিয়া এটা ব্যৱহাৰ কৰি “View from the Window at Le Gras” নামেৰে জনাজাত আটাইতকৈ প্ৰাচীন স্থায়ী ফটোখন তুলি লয়।
প্ৰথমখন ৰঙীন ফটোগ্ৰাফ ১৮৬১ চনত থমাছ ছাটনে (Thomas Sutton) তুলিছিল। এইখন আছিল ৰঙা, সেউজীয়া আৰু নীলা ফিল্টাৰৰ জৰিয়তে তোলা তিনিখন ক’লা-বগা ফটোৰ গোট।
২০১০ চনৰ ১৯ আগষ্টত বিশ্ব ফটো দিৱসে প্ৰথম বিশ্বব্যাপী অনলাইন গেলেৰী আয়োজন কৰে। প্ৰায় ২৭০ জন ফটোগ্ৰাফাৰে নিজৰ ছবি শ্বেয়াৰ কৰে আৰু ১০০ খনতকৈও অধিক দেশৰ লোকে ৱেবছাইটটো visit কৰিলে । AND
This marked the first official, globally reaching World Photo Day.
১৮৩৯ চনতে আমেৰিকাৰ ৰবাৰ্ট কৰ্ণেলিয়াছে (Robert Cornelius) এখন চেলফি ক্লিক কৰিছিল। কৰ্ণেলিয়াছে (Robert Cornelius) নিজৰ কেমেৰাটো ছেট আপ কৰি লেন্সৰ কেপটো আঁতৰাই ছবিখন লৈছিল আৰু তাৰ পিছত ফ্ৰেমত দৌৰিছিল।
পিছফালে তেওঁ লিখিছিল “The first light picture ever taken 1839”।
প্ৰথম ডিজিটেল ফটোখন ১৯৫৭ চনত তোলা হৈছিল; কোডাকৰ (Kodak’s) অভিযন্তাই প্ৰথম ডিজিটেল কেমেৰা উদ্ভাৱন কৰাৰ প্ৰায় ২০ বছৰ আগতে। ফটোখন প্ৰথমতে ছবিত লোৱা এটা শ্বটৰ ডিজিটেল স্কেন য’ত ৰাছেল কিৰ্চৰ (Russell Kirsch’s son ) পুত্ৰক চিত্ৰিত কৰা হৈছে আৰু ইয়াৰ ৰিজ’লিউচন ১৭৬×১৭৬।
Discussion about this post