বিহাৰৰ অৰৰিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে বাতৰি কাকতত কৰ্মৰত সাংবাদিকক বিমল কুমাৰ যাদৱক। জানিব পৰা মতে ১৮ আগষ্টৰ পুৱাৰ নিজ বাসগৃহতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে সাংবাদিকগৰাকীক।
ঘটনাৰ বিৱৰণী অনুসৰি অৰৰিয়া জিলাৰ ৰাণীগঞ্জস্থিত বিমলৰ ঘৰত ৪জন লোকে প্ৰৱেশ কৰি এই কাণ্ড সংঘটিত কৰে। সেই সময়ত বিমল শুই আছিল। দুৰ্বৃত্তই বিমলক টোপনিৰ পৰা জগাই গুলীচালনা কৰে। যাৰ ফলত থিতাতে নিহত হয় বিমল যাদৱ।সাংবাদিক গৰাকীৰ বুকুত গুলীয়াই দুৰ্বৃত্তই।
ইতিমধ্যে বিমলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।কি কাৰণে সাংবাদিকগৰাকীক হত্যা কৰিলে দুৰ্বৃত্তই এতিয়ালৈকে জানিব পৰা হোৱা নাই।
Discussion about this post