কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ দেৱেন দত্তই হৃদযন্ত্ৰ, বৃক্ক আৰু হাওঁফাওঁৰ সমস্যাৰ বাবে ৮১ বছৰ বয়সত শেষ উশাহ ল’লে।
খবৰ অনুসৰি যোৱা ১৮ আগষ্টৰ পুৱা ১২:১০ বজাত জি এম চি এইচত কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক তথা শিক্ষাবিদগৰাকীৰ মৃত্যু হয়।
১১ আগষ্টত তেখেতক জিএমচিএইচত ভৰ্তি কৰা হৈছিল।
১৯৪৪ চনৰ ৫ এপ্ৰিলত শিৱসাগৰৰ নাজিৰাত জন্মগ্ৰহণ কৰা দেৱেন দত্ত গুৱাহাটীৰ সুন্দৰপুৰ অঞ্চলত বাস কৰিছিল। ১৯৬৫ চনত ইংৰাজী বিষয়ত স্নাতকোত্তৰ শিক্ষা সমাপ্ত কৰি কটন কলেজত ইংৰাজী বিষয়ৰ অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে।
বিশিষ্ট শিক্ষাবিদ, ভাষাবিদ, সমাজকৰ্মী দেবেন দত্তৰ বিয়োগে ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। প্ৰয়াত শিক্ষাবিদগৰাকীৰ মৃত্যুত ৰাজ্যৰ বিভিন্ন দল, সংগঠন নেতৃত্বৰ লগতে বিভিন্ন শ্ৰেণীৰ লোকে শোক প্ৰকাশ কৰিছে।
ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেৱন দত্তৰ বিয়োগত শোক প্ৰকাশ কৰি ‘এক্স’ত (আগৰ টুইটাৰ) লিখিছে- বিশিষ্ট শিক্ষাবিদ তথা অধ্যাপক শ্ৰদ্ধাৰ দেৱেন দত্তদেৱৰ পৰলোকপ্ৰাপ্তিৰ খবৰটিয়ে মোক মৰ্মাহত কৰি তুলিছে। ভাষা-সাহিত্যৰ উত্তৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা কটন কলেজৰ প্ৰাক্তন অধ্যাপক দত্তদেৱৰ বিয়োগ অসমৰ সামাজিক আৰু শৈক্ষিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।
Discussion about this post