জাদী মিকালে নামৰ নাইজেৰিয়ান মহিলা গৰাকীয়ে ভুৱা ভিছাৰে প্ৰৱেশ কৰিছিল ভাৰতত ৷ বুধবাৰে নিশা এয়াৰ এছিয়া বিমানেৰে নতুন দিল্লীৰ পৰা বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হয় । এই বিষয়ে বিমানবন্দৰ কৰ্তৃপক্ষই তথ্য লাভ কৰি সংশ্লিষ্ট নিৰাপত্তা বাহিনীক সষ্টম কৰি থকাৰ মাজতে ব্যুৰ অৱ ইমিগ্ৰেছনৰ বিষয়াই ভুৱা ভাৰতীয় ভিছাৰ সৈতে আটক কৰে নাইজেৰিয়ান মহিলাগৰাকীক।
ব্যুৰ অৱ ইমিগ্ৰেছনৰ বিষয়াই মহিলাগৰাকীৰ পৰা জব্দ কৰে এটা টেবলেট, এটা স্মাৰ্টফোন আৰু পাছপ’ৰ্ট।
Discussion about this post