জীৱনৰ প্ৰথম শিক্ষাগুৰু গৰাকীয়েই হৈছে মাতৃ। সমস্ত পৃথিৱী সলনি হ’লেও কেতিয়াও সলনি নহয় মাতৃৰ মমতা।
কিন্তু পৃথিৱীত এনে কিছুমান মাতৃ আছে যাৰ কৰ্ম-কাণ্ডই সকলোকে অবাক কৰি তুলিব। এনে এক অদ্ভূত ঘটনা সংঘটিত হৈছে আমেৰিকাৰ কেলিফৰ্নিয়া চহৰত।
লছ এঞ্জেলেচ টাইমচৰ এক প্ৰতিবেদন অনুসৰি কেলিফৰ্নিয়াৰ ছান্ড বাৰ্নাৰ্ডিনো কাউন্টিৰ ৩৭ বছৰীয়া এগৰাকী মাতৃয়ে কান্দোন বন্ধ কৰিবৰ বাবেই নিজ সন্তানক মদ খুৱাই দিয়ে।
মাতৃগৰাকীয়ে শিশুটিক মদ্যপান কৰোৱোই উঠি চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছতেই পোহৰলৈ আহে এই ঘটনা। চিকিৎসালয়ত শিশুটিৰ দেহত সুৰাৰ উপস্থিতি ধৰা পৰাৰ পিছত আৰক্ষীয়ে পাষাণ মাতৃগৰাকীক গ্ৰেপ্তাৰ কৰে।
ছান বাৰ্নাৰ্ডিনো কাউন্টি শ্বেৰিফ বিভাগে জনোৱা মতে, মহিলাগৰাকীয়ে ৰিয়াল্ট’ৰ মাজেৰে গাড়ী চলাই গৈ থকা অৱস্থাত বাটৰ মাজত কেঁচুৱাটিক মদ্যপান কৰোৱাই কান্দোন বন্ধ কৰাৰ প্ৰয়াস কৰিছিল।
৬০ হাজাৰ ডলাৰৰ বণ্ডত বৰ্তমান ৱেষ্ট ভেলী ডিটেনচন চেণ্টাৰত ৰখা হৈছে ৩৭ বছৰীয়া মাতৃগৰাকীক।
Discussion about this post