মহানগৰীত অপহৰণ কাণ্ড। মঙলবাৰে দুৰ্বৃত্তই ভেটাপাৰাৰ মহৰ্ষি বিদ্যা মন্দিৰৰ নৱম শ্রেণীৰ ছাত্রক অপহৰণ কৰাৰ ঘটনা সংঘটিত হৈছিল।
ছাত্রজনৰ মুক্তিপণ হিচাপে ৭ লাখ টকা দাবী কৰিছিল দুৰ্বৃত্তই। কিন্তু বুধবাৰে মৃতদেহ উদ্ধাৰ হয় কিশোৰজনৰ। বোন্দাত এজন পূজাৰীয়ে ছাত্ৰগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। তাৰপাছতেই পোহৰলৈ আহে এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ কথা।
মৃত ছাত্ৰগৰাকীৰ নাম নীতিশ কুমাৰ । ধনৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। নীতিশ কুমাৰ এটি মধ্যবিত্ত পৰিয়ালৰ ছাত্ৰ বুলি জানিব পৰা গৈছে। তেওঁৰ পিতৃ এটা ব্যক্তিগত কোম্পানীৰ কৰ্মচাৰী।
ঘটনাৰ বিৱৰণী অনুসৰি অভিযুক্তগৰাকী নীতিশৰ পৰিয়ালৰ চিনাকী। অপহৰণ কাণ্ড সংঘটিত হোৱাৰ দিনা স্কুললৈ যোৱাৰ পৰিৱৰ্তে ছাত্ৰগৰাকী অভিযুক্তৰ লগত স্কুটাৰত বোন্দালৈ গৈছিল। তাতেই এটা ঠাইত স্কুটাৰ ৰাখি দুয়ো হাবিৰ ভিতৰলৈ সোমাই গৈছিল। তাতেই ছাত্ৰগৰাকীৰ ডিঙি কাটি হত্যা কৰে অভিযুক্তই।
ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত অভিষেশ বৰুৱাক।




























Discussion about this post