লংকাৰ উদালী ৰামনগৰত পুনৰ জঘন্য ধৰ্ষন কাণ্ডৰ ঘটনা সংঘটিত হৈছে। চুলতান আহমেদ নামৰ যুৱক এজনৰ কামনাৰ বলি এগৰাকী ১৫ বছৰীয়া কিশোৰী।
যুৱতীগৰাকীয়ে নিশা প্ৰস্ৰাৱ কৰিবলৈ ঘৰৰ পৰা বাহিৰত উলাওতে যুৱতীগৰাকীক মুখত সোপা দি দুই পাষণ্ডই লৈ গৈছিল পথৰাৰ নিৰ্জন স্থানত।
যুৱতীগৰাকীক চুলতান আহমেদে ধৰ্ষণ কৰাৰ উপৰিও ধৰ্ষন কাণ্ড সংঘটিত কৰি থকা সময়ত চুলতানৰ বন্ধু এজনে ভিডিঅ’ কৰিছিল উক্ত ধৰ্ষণ কাণ্ডৰ।
ধৰ্ষণকাণ্ডৰ কথা পৰিয়ালক অৱগত কৰিলে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছিল লম্পট যুৱক দুজনে। দুদিন পূৰ্বে সামাজিক মাধ্যমত ভাইৰেল কৰে ধৰ্ষণৰ সমগ্ৰ ভিডিঅ’। ধৰ্ষণৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে কিশোৰীগৰাকীয়ে বিহপান কৰি আত্মহত্যাৰ চেষ্টা চলায়।
ইয়াৰ পিছতে পৰিয়ালৰ লোক অৱগত হয় সমগ্ৰ ঘটনাৰ কথা। পৰিয়ালৰ লোকে কিশোৰীগৰাকীক চিকিৎসা কৰাৰ লগতে লংকা আৰক্ষী থানাত এজেহাৰ দাখিল কৰে। লম্পট যুৱক দুজনৰ ভিতৰত এজনৰ নাম চুলতান আহমেদ। বৰ্তমান চুলতান আহমেদক লংকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে আনজন পলাতক যুৱকৰ সন্ধান উলিয়াবলৈ চেষ্টা চলাই আছে।
Photo & Input: মনজ্যোতি মুদৈ
Discussion about this post