মুম্বাইৰ অপৰাধ শাখাৰ দলে অশ্লীল ভিডিঅ’ গোচৰটোত ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে তদন্ত তীব্ৰতৰ কৰি তুলিছে।
আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে গোচৰটো নিশ্চিত কৰিবলৈ তেওঁৰ সকলো কাৰ্যালয়ত তালাচী অভিযান চলাইছিল। ইয়াৰ মাজতে গোচৰটোৰ পলাতক অভিযুক্তজনে দাবী কৰিছে যে ৰাজে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ অপৰাধ শাখাৰ বিষয়াসকলক ২৫ লাখ টকাৰ উৎকোচ দিছিল।
মিড ডেৰ অনুসৰি অভিযুক্ত অৰবিন্দ শ্ৰীবাস্তৱ ওৰফে যশ ঠাকুৰে উত্থাপন কৰিছে। যাৰ নাম মাৰ্চ মাহত এই ৰেকেটৰ মাষ্টাৰমাইণ্ড হিচাপে পোহৰলৈ আহিছিল।
বাতৰি অনুসৰি, অৰবিন্দে মাৰ্চ মাহতে এচিবিক মেইলযোগে অভিযোগ কৰিছিল যে, ৰাজ কুন্দ্ৰাই গোচৰটোৰ পৰা হাত সাৰিবলৈ অপৰাধ শাখাৰ বিষয়াসকলক ২৫ লাখ টকা উৎকোচ দিছিল।
যশ ঠাকুৰে অভিযোগটো মুম্বাই আৰক্ষী প্ৰধানৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছিল। অৱশ্যে, আৰক্ষীয়ে এতিয়ালৈকে বিষয়টোৰ ওপৰত কোনো স্পষ্টীকৰণ দিয়া নায়।
ৰাজ কুন্দ্ৰাক ১৯ জুলাইত এটা অশ্লীল ভিডিঅ’ গোচৰৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছিল, যাৰ পিছত তেওঁক ২৩ জুলাইলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল।
অপৰাধ শাখাই তেওঁৰ ঘৰত তালাচী চলাইছিল য’ত তেওঁ তেওঁৰ পি এম উমেশ কামতেই কেইবাটাও প্ৰডাকচন হাউচৰ সহায়ত নিৰ্মাণ কৰা ৭০টা ভিডিঅ’ উদ্ধাৰ কৰিছিল।
আনহাতে, আৰক্ষীয়ে কয় যে ৰাজ কুন্দ্ৰাই গোচৰটোৰ তদন্তত সহযোগিতা কৰা নাই। ইয়াৰ আগতে, তেওঁৰ অধিবক্তাই তথ্য প্ৰযুক্তি আইনৰ অধীনত ৰাজৰ ওপৰত ধাৰা ৬৭-এ জাৰি কৰাৰ বিৰোধিতা কৰিছিল। তেওঁ কৈছিল যে বিষয়বস্তুটো অশ্লীল আছিল, কিন্তু তেওঁক পৰ্ণগ্ৰাফীৰ শ্ৰেণীত ৰাখিব নোৱাৰি।
Photo: Google
Discussion about this post