অসম আৰক্ষীৰ একাংশ বিষয়া আৰু চেম্বাৰ অফ কমাৰ্চে পৰেশ বৰুৱা নেতৃ্ত্বাধীন আলফা (স্বাঃ) ৰ নামত ৰাজ্য চলাই আছে ধনদাবী।
বিস্ফোৰক এই অভিযোগ আলফা (স্বা) ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ। বিগত কেইটামান মাহ ধৰি এনে কাৰ্ষ চলি আছে বুলি দাবী কৰি,শীঘ্ৰে এনে ধনদাবী বন্ধ কৰিবলৈয়ো সকিয়ণি দিছে আলফাৰ সেনাধ্যক্ষজনে।
বৃহস্পতিবাৰে সংবাদ মাধ্য়মলৈ প্ৰেৰণ কৰা এক বিবৃতি যোগে আলফা স্বাধীনৰ সেনাধ্যক্ষজনে জনায় যে,যোৱা ইংৰাজী ১৫/০৫/২০২১ তাৰিখে সংযুক্ত মুক্তি বাহিনী,অসম(স্বাধীন) সংগঠনে একপক্ষভাৱে যুদ্ধ বিৰতি ঘোষণা কৰাৰ পৰা আজি পৰ্যন্ত সংগঠনৰ কোনো সেনানীয়ে কোনো ব্যক্তি আৰু প্ৰতিষ্ঠানৰ পৰা ধন সংগ্ৰহৰ দৰে কাৰ্যত জড়িত হোৱা নাই।
আমাৰ সংগঠনৰ মজিয়াত এই সন্দৰ্ভত এক কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে আৰু আমাৰ একপক্ষ যুদ্ধ বিৰতি বাহাল থকালৈকে এই নীতি নিৰ্দেশনা ভংগ কৰা নহয়।
কিন্তু বিগত কেইদিনমানৰ পৰা আমি প্ৰত্যক্ষ কৰিছো যে আমাৰ সংগঠনৰ নাম লৈ একাংশ দুষ্ট চক্ৰই বিভিন্ন স্থানৰ পৰা ধন সংগ্ৰহ কৰি আমাৰ সংগঠনৰ নাম ম্লান কৰাৰ অপচেষ্টা অব্যাহত ৰাখিছে।
উল্লেখ্য যে তথাকথিত চেম্বাৰ্চ অফ কমাৰ্চৰ নামত প্ৰতিষ্ঠান খুলি একাংশ অসাধু আৰক্ষী বিষয়া আৰু ব্যৱসায়ীয়ে সংযুক্ত মুক্তি বাহিনী অসম (স্বা) সংগঠনৰ সেনাধ্যক্ষৰ নামত অসমৰ বিভিন্ন অনা অসমীয়া ব্যক্তিৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰাৰ তথ্য ইতিমধ্যে আমাৰ হাতত পৰিছে।তথাকথিত চেম্বাৰ্চ অফ কমাৰ্চে এনে দুষ্কাৰ্য অনতিপলমে বন্ধ কৰক অন্যথা কঠোৰ শাস্তি ভোগ কৰিবলৈ প্ৰস্তুত থাকক।
Photo : Google
Discussion about this post