সমগ্ৰ দেশজুৰি চৰ্চাত আছে পেগাচাছ প্ৰ’জেক্টৰ কথা। লগতে অব্যাহত দেশৰ শাসক-বিৰোধীৰ মাজত তীব্ৰ বাক-বিতণ্ডা এই পেগাচাছক লৈ।
ইয়াৰ মাজতে শেহতীয়াভাৱে চৰ্চা চলিছে পেগাচাছৰ তালিকাত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াৰ নাম থকাকলৈ।
The Wire-এ প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি কেন্দ্ৰীয় চৰকাৰে অসম চুক্তিৰ ৬নং দফা ৰূপায়নৰ বাবে উচ্চস্তৰীয় সমিতি গঠন কৰাৰ দিন চেৰেক পাছতেই ভট্টাচাৰ্যৰ ফোন নম্বৰ পেগাচাছৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল।
ইফালে আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াৰ ফোন নম্বৰো পেগাচাছৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ কথা সদৰি কৰে সংবাদ প্ৰতিষ্ঠানটোৱে। লগতে মণিপুৰী লেখক মালেম নিংথৌজাৰ ফোন নম্বৰো এই তালিকাত সন্নিৱিষ্ট কৰাৰ খবৰ প্ৰকাশ কৰিছে The Wire-এ।
উল্লেখ্য এটা ইজৰাইজলী এনএছঅ’ গ্ৰুপে প্ৰস্তুত কৰা Pegasus Skyware নামৰ এক ব্যৱস্থাৰ দ্বাৰা বিশ্বৰ বিভিন্ন দেশৰ বিৰোধী নেতা, ব্যৱসায়ী, সাংবাদিক আদিৰ ফোন সংশ্লিষ্ট চৰকাৰসমূহে হেক কৰা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে The Wire কে আদি কৰি কিছু আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমে।
বিশ্বৰ আন আন দেশৰ লগতে ভাৰততো তিনিজন মন্ত্ৰী, বিৰোধী দলৰ নেতা, ৪০ জনতকৈ অধিক সাংবাদিক, লেখক, ব্যৱসায়ী তথা সামাজিকভাৱে সক্ৰিয় অৰাজনৈতিক নেতাৰ ফোন নম্বৰ হেক কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অৱশ্যে ভাৰত চৰকাৰে এই অভিযোগ সমূলি নসাৎ কৰিছে।
Photo: Google
Discussion about this post