ডিব্ৰুগড়ৰ (Dibrugarh) খোৱাঙত (Khowang) এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ভাতত বিহ (Poison) মিহলাই স্বামীক হত্যা (Murder) কৰিলে পত্নীয়ে (Husband Killed By Wife)! এই অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। খোৱাং আৰক্ষী থানাৰ (Khowang Police) অন্তৰ্গত ৰাংচালি নেপালী গাঁৱত সংঘটিত হৈছে এই নাৰকীয় ঘটনাটো।
মনচুক মুৰ্মু (৩২) নামৰ লোকজন মঙলবাৰে নিশাৰ পৰা হঠাৎ অসুস্থ হৈ বৃহস্পতিবাৰে পুৱা মৃত্যুক আকোৱালি লয়। পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি, পত্নীয়ে ভাতত (Rice) বিহ দি হত্যা কৰিলে স্বামীক।
খোৱাং আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত পত্নী অনিতা মুৰ্মুক সোধা-পোছাৰ বাবে আটক কৰাৰ লগতে লোজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে।
Photo: Google




























Discussion about this post