এক নৃশংস হত্যকাণ্ডৰ (Horrific Murder Case) ঘটনা সংঘটিত হৈছে লাহোৱালৰ (Lahowal) ডিব্ৰুৱাল চাংমাই গাঁৱত। মোবাইল কিনিবলৈ টকা নিদিয়াৰ বাবে জন্মদাত্ৰী মাতৃক মৰিয়াই মৰিয়াই হত্যা কৰিলে পুত্ৰই (Son Killed Mother For Mobile)।
এটা মোবাইলৰ বাবেই মাতৃক হত্যা কৰে লাহোৱালৰ ডিব্ৰুৱাল চাংমাই গাঁৱৰ জিণ্টু দাসে। ৰডেৰে মূৰত কোবাই কোবাই মাতৃ ৰেণু দাসক হত্যা (Murder) কৰে পুত্ৰ জিণ্টুই।
লগতে মাতৃ ৰেণু দাসক হত্যা কৰি কাঢ়ি লৈ যায় ১৬ হাজাৰ টকা। সেই টকাৰে নতুন মোবাইল কিনিও আনে হত্যাকাৰী জিণ্টুৱে। অৱশেষত পলাতক হত্যাকাৰীক খেদি খেদি কৰায়ত্ত কৰে আৰক্ষীয়ে (Lahowal Police)।
ডিব্ৰুগড়ৰ (Dibrugarh) পল্টনবজাৰ চানমাৰি ঘাটত আত্মগোপন কৰি আছিল হত্যাকাৰী জিণ্টুৱে।
Photo: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/lifestyle/vastu-tips-for-succes-dont-use-free-things/12688/
Discussion about this post