এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হৈছে উত্তৰাখণ্ডৰ চামোলী জিলাত (Uttarakhand Chamoli District)। উৰ্গম ঘাটীত নিৰ্মাণৰত উৰ্গম-প্লা জখোলা মটৰ মাৰ্গত (Urgam Palla Jakhola Motorway) শুকুৰবাৰে পল্লা গাঁৱৰ সমীপত মেক্স বাহন প্ৰায় ৫০০ মিটাৰ দ’ খাৱৈত বাগৰি পৰে (Max Vehicle Fall Into Deep Ditch In Uttarakhand)। বাহনখনত থকা ১৭ গৰাকী লোকৰ ভিতৰত ১২ গৰাকী লোকে প্ৰাণ হেৰুৱায় (12 People Died In This Accident)। আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি নিজৰ প্ৰাণৰক্ষা কৰিবলৈ ৩ গৰাকী লোকে বাহনখনৰ পৰা জাঁপ দিয়া ৩ গৰাকী লোক গুৰতৰভাবে আহত হয়। ইফালে বাহনখন ৰখাবলৈ টায়াৰত পাথৰ লগাবলৈ নামি অহা দুজন লোকৰ কণমপি প্ৰাণ ৰক্ষা পৰে। প্ৰাৰম্ভিক তথ্য অনুসৰি ২১ গৰাকী লোক গাড়ীত যাত্ৰাৰ কথা পোহৰলৈ আহিছিল। কিন্তু আৰক্ষীৰ তদন্তৰ পিছত এই কথাটো স্পষ্ট হ’ল যে বাহমখনত ১৭ গৰাকী লোকে যাত্ৰা কৰিছিল।
আৰক্ষীয়ে জনোৱা অনুসৰি, শুকুৰবাৰে দুপৰীয়া এখন মেক্স বাহন যোশীমঠৰ (Joshimath) পৰা যাত্ৰী লৈ কিমাণা গাঁও (Kimana Village) গৈ আছিল। প্ৰায় ৩.৩০ বজাত পল্লা গাঁৱৰ সমীপত থিয় ৰাস্তাত গাড়ীখন আগবাঢ়িব নোৱাৰিলে। জানিবলৈ দিয়া অনুসৰি বাহনখনত অত্যাধিক যাত্ৰী কঢ়িয়াই নিয়া বাবে এই ভয়ংকৰ দুৰ্ঘটনাটো (Horrific Road Accident) সংঘটিত হৈছে। যাৰ বাবে বাহনখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই ৫০০ মিটাৰ দ’ খাৱৈত বাগৰি পৰে।
বাহনখন চূৰ্ণ-বিচূৰ্ণ হৈ যায়। NDRF-SDRFৰ দলে ১২ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰে। গুৰুতৰভাবে আহত ৪ গৰাকী লোকক হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
দুৰ্ঘটনাটোৰ ফলত মৃত্যুক আঁকোৱালি লোৱা মৃত লোকসকলৰ বেছিভাগেই কিমানা, কালকোট, ডুমাক আৰু পাল্লা গাঁৱৰ বুলি প্ৰশাসনে সদৰি কৰিছে।
ইপিনে মুখ্যমন্ত্ৰী পুষ্কৰসিং ধামীয়ে (Chief Minister Pushkar Singh Dhami) দুৰ্ঘটনাটোৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰাৰ লগতে মৃতকৰ আত্মীয়ক ২ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/sad-love-story-raha-love-story-in-assam/12641/
Discussion about this post